জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনত আলকাৰাজৰ ঐতিহাসিক জয়; ভংগ ৮৭ বছৰীয়া অভিলেখ

অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ একক শাখাত কাৰ্লোছ আলকাৰাজৰ আধিপত্য । প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছে কাৰ্লোছ আলকাৰাজে ।

ইতিহাস সৃষ্টিৰে ২০২৬ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত পুৰুষৰ একক শাখাত বিজয় সাব্যস্ত কৰিছে কাৰ্লোছ আলকাৰাজে । বিশ্বৰ প্ৰথম স্থানৰ পুৰুষ টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে ১ ফেব্ৰুৱাৰী, দেওবাৰে মেলবৰ্ণৰ ৰড লেভাৰ এৰিনাত অনুষ্ঠিত হোৱা ফাইনেলত ছাৰ্বিয়াৰ ন’ভাক জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰে ।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছে কাৰ্লোছ আলকাৰাজে । সামগ্ৰিকভাৱে আলকাৰাজৰ এয়া ষষ্ঠটো গ্ৰেণ্ড শ্লেম খিতাপ । ইয়াৰ ভিতৰত উইম্বলডন (২০২৩, ২০২৪), ফ্ৰেঞ্চ অ’পেন (২০২৪, ২০২৫), ইউ এছ অ’পেন (২০২২) আৰু অষ্ট্ৰেলিয়ান অ’পেন আদি অন্তৰ্ভুক্ত আছে । এই জয়েৰে আলকাৰাজে কেৰিয়াৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰিছে ।

কেৰিয়াৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া পুৰুষ খেলুৱৈ হিচাবে পৰিগণিত হৈছে কাৰ্লোছ আলকাৰাজ । ২২ বছৰ ৩৬৩ দিন বয়সত কেৰিয়াৰ শ্লেম সম্পূৰ্ণ কৰা ডন বাজেৰ অভিলেখ ভংগ কৰে আলকাৰাজে । ২২ বছৰ ২৭২ দিন বয়সত এই কৃতিত্ব অৰ্জন কৰিছে আলকাৰাজে ।

কোন কোন খেলুৱৈয়ে সম্পূৰ্ণ কৰিছে কেৰিয়াৰ শ্লেম ?

কাৰ্লোছ আলকাৰাজৰ পূৰ্বে ডন বাজ, ৰড লেভাৰ, ৰয় ইমাৰচন, আন্দ্ৰে আগাছি, ৰজাৰ ফেডাৰেৰ, ৰাফেল নাডাল আৰু নভEক জ’কভিচে কেৰিয়াৰ শ্লেম অৰ্জন কৰিছে । যেতিয়া কোনো খেলুৱৈয়ে নিজৰ কেৰিয়াৰৰ চাৰিওখন ডাঙৰ টুৰ্ণামেণ্টতে জয়লাভ কৰে তেতিয়া ইয়াক কেৰিয়াৰ শ্লেম বুলি কোৱা হয় । এই চাৰিখন ডাঙৰ প্ৰতিযোগিতা হ’ল অষ্ট্ৰেলিয়ান অ’পেন, ফ্ৰেঞ্চ অ’পেন, উইম্বলডন আৰু ইউ এছ অ’পেন ।

ইফালে শুকুৰবাৰে অষ্ট্ৰেলিয়ান অ’পেনত ন’ভাক জ’কভিচে দশম গ্ৰেণ্ড শ্লেম খিতাপ আৰু সামগ্ৰিকভাৱে ২৫ সংখ্যক খিতাপ জয় কৰাৰ লক্ষ্য লৈছিল । অৱশ্যে তেওঁৰ সপোন পূৰণ নোহোৱাকৈয়ে ৰৈ গ’ল । জ’কভিচে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন কিংবদন্তি মাৰ্গাৰেট ক’ৰ্টৰ সৈতে সৰ্বাধিক গ্ৰেণ্ড শ্লেম একক খিতাপ (পুৰুষ আৰু মহিলা উভয়তে)ৰ বাবে সমতাত আছে । দুয়োজনে ২৪টাকৈ গ্ৰেণ্ড শ্লেমৰ একক খিতাপ দখল কৰিছে । অৱশ্যে এই সময়ছোৱাত ক’ৰ্টৰ ১৩টা খিতাপ অ’পেন যুগৰ পূৰ্বে লাভ কৰিছিল । ১৯৬৮ চনৰ পৰা টেনিছত অ’পেন যুগ আৰম্ভ হয় ।

সৰ্বাধিক গ্ৰেণ্ড শ্লেম (মহিলা/পুৰুষৰ একক)

-নভাক জ’কভিচ (পুৰুষ – ছাৰ্বিয়া): ২৪ (অষ্ট্ৰেলিয়ান ১০, ফৰাচী ৩, উইম্বলডন ৭, ইউ এছ ৪)

-মাৰ্গাৰেট ক’ৰ্ট (মহিলা – অষ্ট্ৰেলিয়া): ২৪ (অষ্ট্ৰেলিয়ান ১১, ফৰাচী ৫, উইম্বলডন ৩, ইউ এছ ৫)

-ছেৰেনা উইলিয়ামছ (মহিলা – আমেৰিকা): ২৩ (অষ্ট্ৰেলিয়ান ৭, ফৰাচী ৩, উইম্বলডন ৭, আমেৰিকা ৬)

-ৰাফেল নাডাল (পুৰুষ – স্পেইন): ২২ (অষ্ট্ৰেলিয়ান ২, ফৰাচী ১৪, উইম্বলডন ২, ইউ এছ ৪)

-ষ্টেফি গ্ৰাফ (মহিলা – জাৰ্মানী): ২২ (অষ্ট্ৰেলিয়ান ৪, ফৰাচী ৬, উইম্বলডন ৭, ইউ এছ ৫)

-ৰজাৰ ফেডাৰেৰ (পুৰুষ – চুইজাৰলেণ্ড): ২০ (অষ্ট্ৰেলিয়ান ৬, ফৰাচী ১, উইম্বলডন ৮, ইউ এছ ৫)

লগতে পঢ়ক : শ্ৰীলংকাৰ পৰা আমেৰিকালৈ : টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ

অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলৰ মহাযুদ্ধ : মুখামুখি হ’ব জ’কভিচ আৰু আলকাৰাজ

১ ফেব্ৰুৱাৰীত ৰড লেভাৰ এৰিনাত ন’ভাক জ’কভিচ আৰু কাৰ্লোছ আলকাৰাজৰ মাজত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেল । ছেমিফাইনেলত য়ানিক ছিনাৰক পৰাস্ত কৰি আলকাৰাজে বিশ্ববাসীক আচৰিত কৰি তোলে ।

অষ্ট্ৰেলিয়ান অ’পেনৰ ৰোমাঞ্চকৰ ফাইনেলক লৈ উৎকণ্ঠিত হৈ আছে সকলো । সন্মানীয় এই প্ৰতিযোগিতাৰ খিতাপৰ খেলখনত ন’ভাক জ’কভিচ আৰু কাৰ্লোছ আলকাৰাজ মুখামুখি হ’ব । জ’কভিচে ১১ সংখ্যক বাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে । এই মেচখনক লৈ ভাৰততো ব্যাপক উত্তেজনা দেখা গৈছে ।

৪ ঘণ্টা ৯ মিনিটৰ ছেমিফাইনেলত য়ানিক ছিনাৰক ৩-৬, ৬-৩, ৪-৬, ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰি ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়ৰ আশা সজীৱ কৰি ৰাখে নোভাক জ’কভিচে । আনহাতে, ৫ ঘণ্টা ২৭ মিনিটৰ ছেমিফাইনেলত কাৰ্লোছ আলকাৰাজে আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৪, ৭-৬ (৭/৫), ৬-৭ (৩/৭), ৬-৭ (৪/৭), ৭-৫ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে ।

১ ফেব্ৰুৱাৰীত ৰড লেভাৰ এৰিনাত ন’ভাক জ’কভিচ আৰু কাৰ্লোছ আলকাৰাজৰ মাজত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেল । দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন । নোভাক জ’কভিচ আৰু কাৰ্লোছ আলকাৰাজৰ মাজত অনুষ্ঠিত হ’বলগীয়া খিতাপৰ মেচখন ভাৰতত চ’নী স্প’ৰ্টছ নেটৱৰ্কৰ জৰিয়তে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব ।

উল্লেখ্য যে, ছেমিফাইনেলত য়ানিক ছিনাৰক পৰাস্ত কৰি আলকাৰাজে বিশ্ববাসীক আচৰিত কৰি তোলে । আলকাৰাজৰ বিৰুদ্ধে খেলখনত য়ানিক ছিনাৰক ফেভাৰিট হিচাপে গণ্য কৰা হৈছিল । অনুমান কৰা হৈছিল যে ছিনাৰে ছেমিফাইনেলত জয়ী হৈ ফাইনেলত স্থান নিশ্চিত কৰিব । কিন্তু আলকাৰাজে সকলোকে ভুল প্ৰমাণ কৰি মেচখনত জয়ী হৈ ফাইনেলত প্ৰৱেশ নিশ্চিত কৰে ।

গ্ৰেণ্ড শ্লেমৰ ফাইনেলত তিনিবাৰকৈ আলকাৰাজক পৰাস্ত কৰিছে ছিনাৰে । এই অভিলেখৰ প্ৰতি লক্ষ্য ৰাখি মেচৰ পূৰ্বে ছিনাৰক স্পষ্ট বিজয়ী বুলি গণ্য কৰা হৈছিল । কিন্তু আলকাৰাজে সকলোকে ভুল প্ৰমাণ কৰি জয়ী হয় ।

লগতে পঢ়ক : শ্ৰীলংকাৰ পৰা আমেৰিকালৈ : টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ

অশ্ৰুসিক্ত নয়নেৰে দিলে অৱসৰৰ ইংগিত; ছেমিফাইনেলৰ পৰা বাহিৰ ন’ভাক জ’কভিচ

ছেমিফাইনেলৰ পৰা বাহিৰ ন’ভাক জ’কভিচ

৬ জুন শুকুৰবাৰে ৰ’লেণ্ড গাৰোছত অনুষ্ঠিত হোৱা ফ্ৰেন্স অ’পেনৰ পুৰুষৰ একক ছেমিফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ যানিক চিনাৰৰ সৈতে কঠিন যুঁজ দিলে ন’ভাক জ’কভিচে

কিন্তু তাৰ পিছটো ফ্ৰেন্স অ’পেন ২০২৫ৰ পৰা বাহিৰ হয় ন’ভাক জ’কভিচ। ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম আৰু তিনিবাৰৰ ফ্ৰেন্স অ’পেন চেম্পিয়ন ন’ভাক জ’কভিচক বিশ্বৰ এক নম্বৰ খেলুৱৈ ইটালীৰ যানিক ছিনাৰে ৪-৬, ৫-৭, ৫-৭ ত ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ লগে লগে তেওঁ গ্ৰেণ্ড শ্লেমত একেৰাহে ২০ সংখ্যক জয় পঞ্জীয়ন কৰে।

য’ত তেওঁ ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজৰ মুখামুখি হ’ব, এই স্পেনিছ খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত লৰেঞ্জো মুছেট্টিক পৰাস্ত কৰিছিল।

জ’কভিচে ভাবিছে নেকি অৱসৰৰ কথা?

৩ ঘণ্টা ১৬ মিনিট ধৰি চলি থকা ছেমিফাইনেলৰ এই খেলখনৰ পিছত জ’কভিচক আৱেগিক যেন লাগিছিল। কৰ্টৰ পৰা ওলাই অহাৰ আগতে, তেওঁ কিটবেগটো তলত থৈ, পেৰিছৰ মাটি স্পৰ্শ কৰে আৰু দৰ্শকৰ ফালে হাত জোকাৰে, তেওঁক সমৰ্থন কৰাৰ বাবে দৰ্শকক ধন্যবাদ দিয়ে, হয়টো এই সংকেতৰ জৰিয়তে বুজাব বিচাৰিছে যে এইখনেই ফ্ৰেঞ্চ অ’পেনত তেওঁৰ শেষৰখন মেচ হ’ব পাৰে। তেওঁৰ এই ইংগিতে অনুৰাগীসকলক আচৰিত কৰি তুলিলে।

জ’কভিচে কয় যে, ‘ইয়াত এইখনেই মোৰ শেষ হ’ব পাৰিলেহেতেন, মই নাজানো। গতিকে শেষত অলপ বেছি আৱেগিক হৈ পৰিল’।

তেওঁ লগতে কয় যে, ‘কিন্তু এইখন যদি ৰ’লেণ্ড গাৰোছত মোৰ বিদায় মেচ আছিল, তেনেহলে এইখন এখন দুৰ্দান্ত মেচ আছিল-পৰিৱেশ আৰু দৰ্শকৰ পৰা পোৱা সমৰ্থন অবিশ্বাস্য আছিল’।

‘মই খেলি থাকিব বিচাৰো নেকি? হয়, মোৰ ইচ্ছা আছে। কিন্তু ১২ মাহৰ পিছত মই উভতি আহিব পাৰিম নে? মোৰ বিশ্বাস হোৱা নাই। এতিয়া মই মাত্ৰ এইখিনিয়েই ক’ব পাৰো’।

লগতে পঢ়ক: সৌভাগ্যক্ৰমে ৰক্ষা পৰিল তেজস্বী যাদৱ; নিয়ন্ত্ৰণ হেৰুৱাই কনভয়ত খুন্দা ট্ৰাকৰ