‘মিঞা মানেই অবৈধ,মিঞাই কষ্ট পাই থাকিব লাগিব’; মুখ্যমন্ত্ৰী

‘মিঞা মানেই অবৈধ,মিঞাই কষ্ট পাই থাকিব লাগিব’; মুখ্যমন্ত্ৰী

মিঞাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাত বিস্ফোৰক মন্তব্য কৰিছে। অসমত মিঞাই কষ্ট পাই থাকিবই লাগিব। অবৈধ বাংলাদেশীক লৈ গোৱালপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, মিঞা মানেই অবৈধ। বাংলাদেশৰ পৰা অহা লোক সকলক অসমত ৰিক্সা চলাবলৈ

মিঞাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাত বিস্ফোৰক মন্তব্য কৰিছে। অসমত মিঞাই কষ্ট পাই থাকিবই লাগিব।

অবৈধ বাংলাদেশীক লৈ গোৱালপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, মিঞা মানেই অবৈধ।

বাংলাদেশৰ পৰা অহা লোক সকলক অসমত ৰিক্সা চলাবলৈ কিয় দিব লাগে। মই সেই কাৰণে মিঞাক ৫ টকাৰ ঠাইত ৩ বা ২ টকা দিবলৈ কৈছো।কিন্তু আইনে ইয়াত মিঞাই ৰিক্সা চলাব নোৱাৰিব বুলি কৈছে।

তেওঁ লগতে কৈছে যে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞাক এনেকে কষ্ট দিয়েই থাকিম। অবৈধ বাংলাদেশী মিঞাই কষ্ট পাই থাকিব লাগিব।

সিহঁতে আৰামত অসমত থাকিব নোৱাৰে। মই চিধা কৈছো মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশীয়ে কষ্ট পায়েই থাকিব। মিঞাক কষ্ট দিলেহে অসম এৰিব। ইয়াত দৈ ক্ৰীম পাই থাকিলে ক’ত যাব।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে অবৈধ বাংলাদেশীক ৰিক্সা চলাবলৈ কিয় দিব। বাংলাদেশীয়ে অসমত কেনেকৈ কাম কৰিব পাৰে? আইনৰ মতে মিঞাই অসমত ৰিক্সা চলাব নোৱাৰে ।  

লগতে পঢ়ক: ‘অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’; ডিব্ৰুগড়ৰ পৰা অবৈধ বিদেশীক হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ

শেহতীয়া প্ৰৱন্ধসমূহ