‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’: আপোনাৰ একপি মাত্ৰ ফটো, কেইটামান মূহুৰ্ততে পৰিষ্কাৰ হ’ব চৌপাশ

‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’: আপোনাৰ একপি মাত্ৰ ফটো, কেইটামান মূহুৰ্ততে পৰিষ্কাৰ হ’ব চৌপাশ

‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ত আপোনিও কৰক অংশগ্ৰহণ। আপোনাৰ একপি মাত্ৰ ফটোৱে পৰিষ্কাৰ কৰিব আপোনাৰ চৌপাশ। TIME8-এ আৰম্ভ কৰিছে এক বিশেষ অভিযান । ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ শীৰ্ষক এই অভিযানত আপুনিও কৰিব পাৰে অংশগ্ৰহণ।আপোনাৰ চৌপাশত আছে নেকি লেতেৰা জাৱৰ বা আৱৰ্জনা। এতিয়াই আমালৈ পঠাওক এখন

‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ত আপোনিও কৰক অংশগ্ৰহণ। আপোনাৰ একপি মাত্ৰ ফটোৱে পৰিষ্কাৰ কৰিব আপোনাৰ চৌপাশ।

 TIME8-এ আৰম্ভ কৰিছে এক বিশেষ অভিযান । ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ শীৰ্ষক এই অভিযানত আপুনিও কৰিব পাৰে অংশগ্ৰহণ।আপোনাৰ চৌপাশত আছে নেকি লেতেৰা জাৱৰ বা আৱৰ্জনা।

এতিয়াই আমালৈ পঠাওক এখন ফটো। কেৱল মাত্ৰ কেইটামান মূহুৰ্তৰ ভিতৰতে পৰিষ্কাৰ হ’ব আপোনাৰ পৰিৱেশ। দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে অতি কম সময়ৰ ভিতৰতে মহানগৰীৰ কেইবাটাও অঞ্চলৰ জাবৰ-জোঁথৰ আঁতৰাই এক পৰিষ্কাৰ পৰিৱেশ ঘূৰাই আনিছে ।

আপোনাৰ অভিযোগৰ ফটো Time8 এ লাভ কৰাৰ পিছতেই GMC-ৰ চাফাই কৰ্মীৰ দল সেই স্থানত উপস্থিত হৈ সেই লেতেৰা পৰিষ্কাৰ কৰিব।

পাঞ্জাবাৰীৰ অজিৎ কুমাৰ নেওগে নিজৰ অঞ্চলৰ পুতিগন্ধময় পৰিৱেশৰ এখন ফটো TIME8-ৰ ৱেবছাইটত আপলোড কৰিছিল ।

চাফা কৰাৰ পূৰ্বৰ দৃশ্য-

আৱৰ্জনাৰ স্তূপৰ বাবে যাতায়তৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো ভাবুকি আহি পৰা এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে TIME8 কৰ্তৃপক্ষই গুৱাহাটী পৌৰ নিগমৰ (GMC) সৈতে যোগাযোগ কৰে ।

অভিযোগ লাভ কৰাৰ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে GMC-ৰ চাফাই কৰ্মীৰ দল উপস্থিত হৈ সেই স্থান সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰে।

পৰিস্কাৰ কৰাৰ পিছৰ দৃশ্য-

TIME8ৰ এই অভিযানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে-

আপোনাৰ চুবুৰীটোও আৱৰ্জনামুক্ত কৰিব বিচাৰে নেকি ? তেন্তে পলম নকৰিব :

– আপোনাৰ অঞ্চলৰ আৱৰ্জনাৰ ফটো তোলক

– www.time8.in লৈ গৈ ফটোখন আপলোড কৰক

–২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ অঞ্চলটো পৰিস্কাৰ কৰি তোলাৰ ব্যৱস্থা কৰা হ’ব

আপোনাৰ এই পদক্ষেপ আৰু সামান্য দায়বদ্ধতাই চহৰখনক শ্ৰেষ্ঠ নগৰ হিচাপে গঢ়ি তুলিব ।

লগতে পঢ়ক: ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং