১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং

১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং

বুধবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলংখন পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অন্তিম পৰ্যায়ৰ বুজ লয় । মুখ্যমন্ত্ৰীয়ে বামুণীমৈদামৰ পৰা ৰিজাৰ্ভ বেংক পৰ্যন্ত নিৰ্মীয়মাণ উৰণ সেতুখনৰো অগ্ৰগতি পৰ্যবেক্ষণ কৰে । ৰাজ্যৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ সংযোজনেৰে অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু প্ৰত্যাশিত গুৱাহাটী-উত্তৰ গুৱাহাটী

বুধবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলংখন পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অন্তিম পৰ্যায়ৰ বুজ লয় । মুখ্যমন্ত্ৰীয়ে বামুণীমৈদামৰ পৰা ৰিজাৰ্ভ বেংক পৰ্যন্ত নিৰ্মীয়মাণ উৰণ সেতুখনৰো অগ্ৰগতি পৰ্যবেক্ষণ কৰে ।

ৰাজ্যৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ সংযোজনেৰে অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু প্ৰত্যাশিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন উদ্বোধন কৰিব । এই দলংখনৰ নাম কুমাৰ ভাস্কৰ বৰ্মা সেতু’ ৰখা হৈছে ।

বুধবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলংখন পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অন্তিম পৰ্যায়ৰ বুজ লয় । পৰিদৰ্শনৰ অন্তত তেওঁ সংবাদ মাধ্যমক জনায় যে প্ৰধানমন্ত্ৰী মোদীয়ে এই দলংখন ১৪ ফেব্ৰুৱাৰীত দেশবাসীৰ বাবে উৎসৰ্গা কৰিব ।

প্ৰায় ৩,০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ৬-লেন যুক্ত দলংখন কেৱল আধুনিক অভিযান্ত্ৰিক কৌশলৰ চানেকিয়ে নহয়, বৰঞ্চ স্থানীয় শ্ৰমিকৰ দক্ষতাৰো এক প্ৰতীক হিচাবে পৰিগণিত হৈছে ।

পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোত থলুৱা শ্ৰমিকৰ অংশগ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে । তেওঁ উল্লেখ কৰে যে বগীবিল দলং যিদৰে মিচিং যুৱকসকলে নিৰ্মাণ কৰিছিল, ঠিক তেনেদৰে এই গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ কামতো থলুৱা শ্ৰমিকসকলে অগ্ৰণী ভূমিকা পালন কৰিছে ।

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- “অসমত এটা ধাৰণা আছিল যে কেৱল ‘মিঞা’ শ্ৰমিকেহে কঠিন নিৰ্মাণ কাৰ্য কৰিব পাৰে । এই দলংসমূহে সেই পুৰণি ধাৰণা সলনি কৰি দিছে । আমাৰ থলুৱা যুৱকসকলে তেওঁলোকৰ দক্ষতা আৰু সামৰ্থ্য প্ৰমাণ কৰিছে ।”

মহাৰাজ পৃথু উৰণ সেতু আৰু অন্যান্য প্ৰকল্প-

এই পৰিদৰ্শন কালতে মুখ্যমন্ত্ৰীয়ে বামুণীমৈদামৰ পৰা ৰিজাৰ্ভ বেংক পৰ্যন্ত নিৰ্মীয়মাণ উৰণ সেতুখনৰো অগ্ৰগতি পৰ্যবেক্ষণ কৰে । তেওঁ ঘোষণা কৰে যে :

২৮ ফেব্ৰুৱাৰী : উৰণ সেতুখনৰ এটা অংশ দুচকীয়া আৰু পাতল বাহনৰ বাবে মুকলি কৰা হ’ব ।

১৫ মাৰ্চ : নুনমাটিৰ পৰা গুৱাহাটী ক্লাব পৰ্যন্ত সম্পূৰ্ণ অংশ সকলো ধৰণৰ যান-বাহনৰ বাবে মুকলি হ’ব ।

৮৫০ কোটি টকা ব্যয়ৰে নিৰ্মিত ৫.৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন মহাৰাজ পৃথুৰ নামেৰে নামকৰণ কৰা হৈছে আৰু ই হ’ব ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু ।

ভৱিষ্যতৰ পৰিকল্পনা-

চহৰখনৰ যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে এই উৰণ সেতুৰ সৈতে আৰু কেইবাটাও সংযোগৰ কথা ঘোষণা কৰে । ইয়াৰে এটা শাখা গুৱাহাটী ক্লাবৰ পৰা উলুবাৰীলৈ আৰু আন এটা শাখা চান্দমাৰীৰ পৰা ৰাজগড়লৈ নিৰ্মাণ কৰা হ’ব ।

ইয়াৰ উপৰি, ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত ভৰলুমুখ উৰণ সেতু উদ্বোধন কৰা হ’ব আৰু চাইকেল ফেক্টৰী উৰণ সেতুখন ৰঙালী বিহুৰ আগতেই সম্পূৰ্ণ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : পাকিস্তানৰ সৈতে কি সম্পৰ্ক গৌৰৱ গগৈৰ? ৮ ফেব্ৰুৱাৰীত ফাদিল হ’ব ৰহস্যৰ !

শেহতীয়া প্ৰৱন্ধসমূহ