টি-২০ শৃংখলাত স্তব্ধ টিম ইণ্ডিয়াৰ জয়ৰ ধাৰা। টি ২০ ৰ চতুৰ্থখন খেলত ৫০ ৰানত জয়লাভ নিউজিলেণ্ডৰ।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ চতুৰ্থখন খেল ২৮ জানুৱাৰী অর্থাৎ আজি বিশাখাপট্টনম (বিজাগ)ৰ ড° ৱাই এছ ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।
এই খেলখনত নিউজিলেণ্ডে ৫০ ৰানত জয়লাভ কৰে।প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে টীম ইণ্ডিয়াক ২১৬ ৰানৰ লক্ষ্য বান্ধি দিছিল, কিন্তু ভাৰতীয় দলটোৱে ১৮.৪ অভাৰত ১৬৫ ৰান সংগ্ৰহ কৰি অল আউট হয়।
ভাৰতৰ হৈ শিৱম ডুবেই ৭টা ছয় আৰু তিনিটা চাৰিৰ সহায়ত ২৩টা বলত ৬৫ ৰান সংগ্ৰহ কৰে,কিন্তু এই ইনিংছ দলটোক জয় দিবলৈ যথেষ্ট নাছিল।
ইতিমধ্যে টীম ইণ্ডিয়াই টি-২০ শৃংখলাত জয়লাভ কৰিছে।২১ জানুৱাৰীত নাগপুৰত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ৪৮ ৰানত জয়লাভ কৰিছিল।
জয়পুৰত দ্বিতীয়খন টি-২০ত ভাৰতে ৭ উইকেটত জয়লাভ কৰাৰ লগতে গুৱাহাটীত খেলা তৃতীয়খন খেলখনত ভাৰতীয় দলটোৱে ৮ উইকেটত জয়লাভ কৰে।
লগতে পঢ়ক: নিউজীলেণ্ডক ‘ক্লীন ছুইপ’ কৰাৰ লক্ষ্য ভাৰতীয় দলৰ, বিশাখাপট্টনমত আজি চতুৰ্থ টি-২০









