“শাৰদ পাৱাৰৰ দললৈ ঘূৰি যাব বিচাৰিছিল অজিত পাৱাৰ”; মমতা বেনাৰ্জীৰ চাঞ্চল্যকৰ মন্তব্য

“শাৰদ পাৱাৰৰ দললৈ ঘূৰি যাব বিচাৰিছিল অজিত পাৱাৰ”; মমতা বেনাৰ্জীৰ চাঞ্চল্যকৰ মন্তব্য

উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক আচৰিত মন্তব্য কৰিছে। বিমান দুৰ্ঘটনাত উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। মমতা বেনাৰ্জীয়ে কৈছে যে, “অজিত পাৱাৰ, শাৰদ পাৱাৰৰ দললৈ পুনৰ উভতি যাব

উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক আচৰিত মন্তব্য কৰিছে।

বিমান দুৰ্ঘটনাত উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

মমতা বেনাৰ্জীয়ে কৈছে যে, “অজিত পাৱাৰ, শাৰদ পাৱাৰৰ দললৈ পুনৰ উভতি যাব বিচাৰিছিল। গতিকে বিমান দুৰ্ঘটনাটোৰ ভালদৰে তদন্ত হ’ব লাগে। এজেন্সীবোৰ বিক্ৰী হৈ গৈছে,সেয়ে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত হ’ব লাগে।”

মমতা বেনাৰ্জীয়ে লগতে কয় যে, “কেইদিনমানৰ পিছতেই অজিত পাৱাৰ নিজৰ পুৰণি ফৈদলৈ ঘূৰি যাবলৈ ওলাইছিল।কিন্তু তাৰ পূৰ্বেই দুৰ্ঘটনাটো সংঘটিত হ’ল। দেশত জনতাৰ কোনো নিৰাপত্ত নোহোৱা হৈছে”।

“প্ৰথমে আহমেদাবাদত ইমানবোৰ মানুহে প্ৰাণ হেৰুৱালে আৰু এতিয়া অজিত পাৱাৰে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে।দেশৰ মুখ্যমন্ত্ৰীয়ে  সময়ৰ অভাৱৰ বাবে চাৰ্টাৰ্ড বিমানেৰে যাত্ৰা কৰে, গতিকে তেওঁলোকৰ সুৰক্ষাৰ কথা কি ক’ব?”

“এই দুৰ্ঘটনাটোক লৈ আমি অতিশয় বিচলিত হৈছো।তাক ক’বলৈ আমাৰ ওচৰত ভাষা নাই। উচ্চতম ন্যায়ানয়ৰ নিৰিক্ষণত তদন্ত হ’ব লাগে”।

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৰ পিছতে মমতা বেনাৰ্জীৰ এই চাঞ্চল্যকৰ মন্তব্যই ৰাজনীতিক ক্ষেত্ৰত হাহাকাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এটা অধ্যায়ৰ অন্ত; অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

শেহতীয়া প্ৰৱন্ধসমূহ