‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ অভিযানৰ তৎপৰতা: মুহূৰ্তৰ ভিতৰতে পৰিষ্কাৰ হ’ল ৰাজগড়ৰ আৱৰ্জনা

‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ অভিযানৰ তৎপৰতা: মুহূৰ্তৰ ভিতৰতে পৰিষ্কাৰ হ’ল ৰাজগড়ৰ আৱৰ্জনা

TIME8-এ আৰম্ভ কৰিছে এক বিশেষ অভিযান । ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ শীৰ্ষক এই অভিযানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে । কেৱল বাতৰি পৰিৱেশন কৰাই নহয়, সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি TIME8-এ হাতত লৈছে বিশেষ অভিযান ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ । দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই

TIME8-এ আৰম্ভ কৰিছে এক বিশেষ অভিযান । ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ শীৰ্ষক এই অভিযানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে ।

কেৱল বাতৰি পৰিৱেশন কৰাই নহয়, সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি TIME8-এ হাতত লৈছে বিশেষ অভিযান ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ । দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে অতি কম সময়ৰ ভিতৰতে ৰাজগড় ৰোডৰ ৫নং উপপথৰ জাবৰ-জোঁথৰ আঁতৰাই এক পৰিষ্কাৰ পৰিৱেশ ঘূৰাই অনা হয় ।

ৰাজগড়ৰ এগৰাকী দায়িত্বশীল নাগৰিক বিপ্লৱ চহৰীয়াই নিজৰ অঞ্চলৰ পুতিগন্ধময় পৰিৱেশৰ এখন ফটো TIME8-ৰ ৱেবছাইটত আপলোড কৰিছিল । আৱৰ্জনাৰ স্তূপৰ বাবে যাতায়তৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো ভাবুকি আহি পৰা এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে TIME8 কৰ্তৃপক্ষই গুৱাহাটী পৌৰ নিগমৰ (GMC) সৈতে যোগাযোগ কৰে ।

পৰিস্কাৰ কৰাৰ পিছৰ দৃশ্য-

অভিযোগ লাভ কৰাৰ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে GMC-ৰ চাফাই কৰ্মীৰ দল উপস্থিত হয় । ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ অভিযানৰ অংশ হিচাপে, প্ৰতিশ্ৰুতি অনুসৰি সকলো আৱৰ্জনা আঁতৰাই সম্পূৰ্ণ উপপথটো পৰিষ্কাৰ কৰি তোলা হয় ।

চাফা কৰাৰ পূৰ্বৰ দৃশ্য-

TIME8ৰ এই অভিযানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে-

আপোনাৰ চুবুৰীটোও আৱৰ্জনামুক্ত কৰিব বিচাৰে নেকি ? তেন্তে পলম নকৰিব :

আপোনাৰ অঞ্চলৰ আৱৰ্জনাৰ ফটো তোলক

www.time8.in লৈ গৈ ফটোখন আপলোড কৰক

২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ অঞ্চলটো পৰিস্কাৰ কৰি তোলাৰ ব্যৱস্থা কৰা হ’ব

আপোনাৰ এই পদক্ষেপ আৰু সামান্য দায়বদ্ধতাই চহৰখনক শ্ৰেষ্ঠ নগৰ হিচাপে গঢ়ি তুলিব ।

লগতে পঢ়ক : গণৰাজ্য দিৱসৰ দিনাই শুভাৰম্ভণি হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ, আপুনিও কৰক অংশগ্ৰহণ

শেহতীয়া প্ৰৱন্ধসমূহ