মিঞাক নটিচ দি থাকিব লাগিব, নহ'লে মূৰৰ ওপৰত উঠিব… SRক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ

মিঞাক নটিচ দি থাকিব লাগিব, নহ’লে মূৰৰ ওপৰত উঠিব… SRক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ  

প্ৰক্ৰিয়াক লৈ কোনো বিতৰ্ক নাই বুলি শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰক্ৰিয়াত হিন্দু বা খিলঞ্জীয়া মুছলমানক জাননী প্ৰদান কৰা হোৱা নাই । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত দলসমূহৰ মাজত ৰাজনৈতিক কুচ-কাৱাজ তীব্ৰতৰ হৈ পৰিছে । ইয়াৰ মাজতে ভাৰতীয় জনতা

প্ৰক্ৰিয়াক লৈ কোনো বিতৰ্ক নাই বুলি শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰক্ৰিয়াত হিন্দু বা খিলঞ্জীয়া মুছলমানক জাননী প্ৰদান কৰা হোৱা নাই ।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত দলসমূহৰ মাজত ৰাজনৈতিক কুচ-কাৱাজ তীব্ৰতৰ হৈ পৰিছে । ইয়াৰ মাজতে ভাৰতীয় জনতা পাৰ্টিয়ে জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ জৰিয়তে ইস্তাহাৰ তথা সংকল্প পত্ৰ প্ৰস্তুত কৰিবলৈ ৰাজ্যজুৰি জনসংযোগ অভিযান ঘোষণা কৰাৰ সময়তে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈও ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে । এই সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক প্ৰত্যুত্তৰ দিছে । তেওঁ বিৰোধীৰ অভিযোগ খাৰিজ কৰি কয় যে এই প্ৰক্ৰিয়াত হিন্দু বা অসমীয়া মুছলমানক জাননী প্ৰদান কৰা হোৱা নাই ।

বিৰোধীয়ে দাবী কৰা মতে এই প্ৰক্ৰিয়াক লৈ কোনো বিতৰ্ক নাই বুলি শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে হিন্দু বা খিলঞ্জীয়া মুছলমানক জাননী দিয়া হোৱা নাই । তেওঁ দাবী কৰে যে এই প্ৰক্ৰিয়াৰ অধীনত কেৱল মিঞা সম্প্ৰদায় অৰ্থাৎ বাংলাভাষী মুছলমানসকলেহে জাননী লাভ কৰি আছে । নলবাৰী জিলাত এক চৰকাৰী অনুষ্ঠানৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই প্ৰশ্ন উত্থাপন কৰে যে, “কোন হিন্দুৱে জাননী লাভ কৰিলে ? কোনজন খিলঞ্জীয়া মুছলমানে জাননী লাভ কৰিলে ?  কেৱল মিঞা মানুহকহে জাননী জাৰি কৰা হৈছে । মিঞাক জাননী দি থাকিব লাগিব  নহ’লে আমাৰ মূৰৰ ওপৰত উঠিব ।”

উল্লেখ্য যে, ৰাজ্যৰ বিৰোধী দলসমূহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকৃত নাগৰিকক বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক হাৰাশাস্তি কৰিবলৈ এই অভিযান চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে । তেওঁলোকৰ অভিযোগ যে বিজেপিৰ সৈতে জড়িত ব্যক্তিসকলে ফৰ্ম-৭ৰ অপব্যৱহাৰ কৰিছে । প্ৰ-পত্ৰ-৭ৰ জৰিয়তে কোনো ব্যক্তিয়ে ভোটাৰ তালিকাৰ পৰা নিজৰ নাম আঁতৰাবলৈ অনুৰোধ কৰিব পাৰে বা আন এজন ভোটাৰৰ নাম আঁতৰাবলৈ অনুৰোধ কৰিব পাৰে । ইয়াৰ পিছত সংশ্লিষ্ট বিষয়াসকলে তদন্ত আৰু শুনানি গ্ৰহণ কৰে ।

সকলো অভিযোগ খাৰিজ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ-

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ খাৰিজ কৰি কয় যে লুকুৱাবলগীয়া একো নাই । “আমি মিঞাক অলপ অশান্তি কৰাতো সঁচা কথা ।” এই সকলোবোৰ আইনৰ ভিতৰতে কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । ড০ শৰ্মাই আৰু কয় যে অসমৰ জনসাধাৰণে প্ৰতিবাদ কৰিছে বুলি ধাৰণা সৃষ্টিৰ বাবে এইটো এটা বিৰোধীৰ কৌশল । তেওঁ কয় যে কোনোবাই ভোটাৰৰ জাননী লাভ কৰিব, কোনোবাই বেদখল আঁতৰোৱাৰ জাননী লাভ কৰিব, আন কোনোৱে সীমান্ত আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হ’ব লাগিব ।

মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে তেওঁৰ চৰকাৰ দুখীয়া আৰু দুৰ্বল লোকৰ সৈতে থিয় দিছে, কিন্তু ৰাজ্যৰ জাতি আৰু পৰিচয়ক ভেঙুচালি কৰিব বিচৰাসকলৰ বিৰোধিতা কৰিছে ।  তেওঁ পূৰ্বে দাবী কৰিছিল যে আগন্তুক লোকপিয়লত ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ মিয়া সম্প্ৰদায়ৰ লোক হ’ব পাৰে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ

শেহতীয়া প্ৰৱন্ধসমূহ