বাজেট অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

বাজেট অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

বাজেট অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । বাজেট অধিবেশনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে । এই সভা অহা ২৭ জানুৱাৰীৰ পুৱা ১১ বজাত অনুষ্ঠিত হ’ব । ইয়াত বিধায়িনী কাৰ্য আৰু সংসদত আহিবলগীয়া

বাজেট অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন ।

বাজেট অধিবেশনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে । এই সভা অহা ২৭ জানুৱাৰীৰ পুৱা ১১ বজাত অনুষ্ঠিত হ’ব । ইয়াত বিধায়িনী কাৰ্য আৰু সংসদত আহিবলগীয়া অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব । ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । প্ৰথম দিনাই দুয়োখন সদনত (লোকসভা আৰু ৰাজ্যসভা) ৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰদান কৰিব । লগতে ইকনমিক চাৰ্ভেও দাখিল কৰা হ’ব ।

ইয়াৰ পিছত ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰা হ’ব । ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা অধিৱেশনৰ প্ৰথম খণ্ড ১৩ ফেব্ৰুৱাৰীলৈকে চলিব । প্ৰথম খণ্ডৰ সময়ছোৱাত দুয়োখন সদনে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিব । দুয়োখন সদনৰ আলোচনাৰ প্ৰতি সঁহাৰি জনাব প্ৰধানমন্ত্ৰী মোদীয়ে । বাজেট অধিবেশনৰ দ্বিতীয় খণ্ড ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব ।

লগতে পঢ়ক : নামভৰ্তিৰ পৰা চাকৰিলৈ… সকলোতে লাগিব জন্মৰ প্ৰমাণ পত্ৰ, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত