গ্ৰীণলেণ্ডক লৈ ট্ৰাম্পৰ ইউ টাৰ্ণ!প্ৰত্যাহাৰ কৰিলে শুল্কৰ ভাবুকি

গ্ৰীণলেণ্ডক লৈ ট্ৰাম্পৰ ইউ টাৰ্ণ!প্ৰত্যাহাৰ কৰিলে শুল্কৰ ভাবুকি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা সিদ্ধান্তই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। ইউৰোপৰ আঠখন দেশৰ ওপৰত আমদানি শুল্ক বাতিল ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ এটা সিদ্ধান্তৰ বাবে পুনৰবাৰ শিৰোনাম দখল কৰিছে।গ্রীনলেণ্ডক লৈ ইউৰোপীয় দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়া ট্ৰাম্পে হঠাতে নিজৰ স্থিতি সলনি কৰি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা সিদ্ধান্তই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। ইউৰোপৰ আঠখন দেশৰ ওপৰত আমদানি শুল্ক বাতিল ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ এটা সিদ্ধান্তৰ বাবে পুনৰবাৰ শিৰোনাম দখল কৰিছে।গ্রীনলেণ্ডক লৈ ইউৰোপীয় দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়া ট্ৰাম্পে হঠাতে নিজৰ স্থিতি সলনি কৰি ইউৰোপৰ আঠখন দেশৰ ওপৰত আমদানি শুল্ক বাতিল কৰিছে।

এই সিদ্ধান্ত এনে সময়ত আহিছে, যেতিয়া মাত্ৰ কিছুদিন পূৰ্বে ট্ৰাম্পে মুকলি মঞ্চৰ পৰা গ্ৰীনলেণ্ডক আমেৰিকাৰ অধিকাৰ, উপাধি আৰু মালিকীস্বত্বৰ অধীনত লোৱাৰ কথা মুকলিকৈ কৈছিল।

ট্ৰাম্পৰ ইউ টাৰ্ণে বিশ্ব ৰাজনীতিত এক নতুন বিতৰ্কৰ সূচনা কৰিছে যে ইয়াৰ আঁৰত নাটোৰ সৈতে কোনো গোপন চুক্তি কৰিছে নেকি?

ট্ৰাম্পে সামাজিক মাধ্যমত এটা পোষ্টত দাবী কৰিছে যে,নাটোৰ মুৰব্বীৰ সৈতে আৰ্কটিক নিৰাপত্তাৰ বাবে ভৱিষ্যতৰ “কাঠামো”ত সহমতত উপনীত হৈছে।

এই কথিত চুক্তিক ট্ৰাম্পে চিৰদিনৰ বাবে চুক্তি বুলি উল্লেখ কৰিছে আৰু কয় যে ইয়াৰ ফলত আমেৰিকাৰ নিৰাপত্তা পূৰ্বতকৈ আৰু অধিক শক্তিশালী হ’ব।

অৱশ্যে,এই চুক্তিৰ সবিশেষ ৰাজহুৱা কৰা হোৱা নাই,কিন্তু ইয়াৰ ভিতৰত গ্ৰীনলেণ্ড আৰু আৰ্কটিক অঞ্চলৰ সৈতে জড়িত কৌশলগত উদ্বেগও অন্তৰ্ভুক্ত হোৱাৰ ইংগিত পোৱা গৈছে।

কিন্তু এই বাক্যবাণে নাটোৰ ভিতৰত আলোড়নৰ সৃষ্টি কৰিছে।ইউৰোপীয় দেশসমূহে স্পষ্টভাৱে উল্লেখ কৰিছে যে গ্ৰীণলেণ্ড বিক্ৰীৰ বাবে নহয় আৰু ডেনমাৰ্কৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব।

আনকি ট্ৰাম্পৰ বক্তব্যই মিত্ৰতা ভংগৰ বিপদও সৃষ্টি কৰিছিল। ইফালে নাটোৰ মহাসচিব মাৰ্ক ৰুটে ৰাজহুৱাভাৱে এই কথা উল্লেখ কৰে যে যদি আমেৰিকাক আক্ৰমণ কৰা হয়,তেন্তে মিত্ৰতা তেওঁলোকৰ লগত থিয় দিব।ইয়াৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে এই শুল্ক বাতিলৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক: ‘গ্ৰীণলেণ্ডক কেৱল আমেৰিকাই হে বচাব পাৰিব’; ডাভোচত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ