‘হয় ভাৰতত খেলক নহলে বাহিৰ হৈ যাওঁক’; বাংলাদেশক কঠোৰ সকীয়নি আইচিচি’ৰ

‘হয় ভাৰতত খেলক নহ’লে বাহিৰ হৈ যাওঁক’; বাংলাদেশক কঠোৰ সকীয়নি আইচিচি’ৰ

টি-২০ বিশ্বকাপৰ পৰা বাদ পৰিব পাৰে বাংলাদেশ। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ দাবী মানি ল’বলৈ নাকচ আইচিচিৰ। ভাৰতত খেলক নহ’লে বাহিৰ হৈ যাওঁক আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাহিৰ হোৱাৰ পথত বাংলাদেশ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ব’ৰ্ডে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ দাবী মানি ল’বলৈ নাকচ কৰিছে,য’ত বাংলাদেশে তেওঁলোকৰ মেচসমূহ

টি-২০ বিশ্বকাপৰ পৰা বাদ পৰিব পাৰে বাংলাদেশ। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ দাবী মানি ল’বলৈ নাকচ আইচিচিৰ। ভাৰতত খেলক নহ’লে বাহিৰ হৈ যাওঁক

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাহিৰ হোৱাৰ পথত বাংলাদেশ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ব’ৰ্ডে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ দাবী মানি ল’বলৈ নাকচ কৰিছে,য’ত বাংলাদেশে তেওঁলোকৰ মেচসমূহ ভাৰতৰ বাহিৰত শ্ৰীলংকাত খেলাবলৈ অনুৰোধ কৰিছিল।

বুধবাৰে প্ৰায় গোটেই দিনটো চলি থকা বৈঠকৰ অন্তত কঠোৰ স্থিতি গ্ৰহণ কৰিছে আইচিচিয়ে।এই সিদ্ধান্ত অনুসৰি আইচিচিয়ে স্পষ্ট কৰি দিছে যে,যদি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে নিজৰ দলটোক বিশ্বকাপৰ খেলৰ বাবে ভাৰতলৈ পঠিয়াবলৈ অস্বীকাৰ কৰে তেনেহলে বাংলাদেশক বাহিৰলৈ যোৱা ৰাস্তা দেখাই দিয়া হ’ব।

এই সিদ্ধান্তৰ বাবে মুঠ ১৬খন দেশৰ ভিতৰত ১৪খনে বাংলাদেশৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে,আনহাতে ইয়াৰ সমৰ্থনত মাত্ৰ ২ খন দেশ পাকিস্তান আৰু বাংলাদেশে ভোটদান কৰিছিল।

আইচিচি এ বিচিবি ক স্পষ্ট কৰি দিছে যে তেওঁলোকে এই সিদ্ধান্তৰ কথা বাংলাদেশ চৰকাৰক অৱগত কৰিবলৈ কৈছে।

লগতে ইয়াকো সকীয়াই দিয়া হৈছে যে যদি বাংলাদেশ এই বিষয়ত অটল হৈ থাকে আৰু ভাৰতত খেলিবলৈ অস্বীকাৰ কৰে,তেন্তে টুৰ্ণামেণ্টৰ পৰা বহিষ্কাৰ কৰা হ’ব।

জানিব পৰা মতে,এনে পৰিস্থিতিত বাংলাদেশৰ ঠাইত স্কটলেণ্ডক প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হ’ব পাৰে।এই সমগ্ৰ বিষয়টোৰ ওপৰত আইচিচিয়ে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

লগতে পঢ়ক: আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান

শেহতীয়া প্ৰৱন্ধসমূহ