আজি নিৰ্ণয় হ’ব বাংলাদেশৰ ভাগ্য! আইচিচিয়ে দিছিল ২১ জানুৱাৰীৰ সময়সীমা

আজি নিৰ্ণয় হ’ব বাংলাদেশৰ ভাগ্য! আইচিচিয়ে দিছিল ২১ জানুৱাৰীৰ সময়সীমা

বাংলাদেশক আইচিচিয়ে বান্ধি দিয়া সময়সীমা আজি উকলিব । কিন্তু এতিয়াও এই সন্দৰ্ভত কোনো সদুত্তৰ দিয়া নাই বিচিবিয়ে । ২০২৬ চনৰ টি-২০ বিশ্বকাপত অংশগ্ৰহণৰ বাবে বাংলাদেশক বান্ধি দিয়া সময়সীমা বুধবাৰে সমাপ্ত হ’ব । ১৭ জানুৱাৰীত ঢাকাত অনুষ্ঠিত এখন বৈঠকত আইচিচিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক ২১ জানুৱাৰীৰ ভিতৰত

বাংলাদেশক আইচিচিয়ে বান্ধি দিয়া সময়সীমা আজি উকলিব । কিন্তু এতিয়াও এই সন্দৰ্ভত কোনো সদুত্তৰ দিয়া নাই বিচিবিয়ে ।

২০২৬ চনৰ টি-২০ বিশ্বকাপত অংশগ্ৰহণৰ বাবে বাংলাদেশক বান্ধি দিয়া সময়সীমা বুধবাৰে সমাপ্ত হ’ব । ১৭ জানুৱাৰীত ঢাকাত অনুষ্ঠিত এখন বৈঠকত আইচিচিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক ২১ জানুৱাৰীৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল । এই সময়সীমা এতিয়া শেষ হোৱাৰ উপক্ৰম হৈছে যদিও বাংলাদেশ ক্ৰিকেটে এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই । তেওঁলোক এতিয়াও মৌন হৈ আছে আৰু এই মৌনতা অব্যাহত থাকিলে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ বাদ পৰিব পাৰে ।

চূড়ান্ত সিদ্ধান্ত কি হ’ব ?

আইচিচিৰ সৈতে হোৱা অন্তিমখন বৈঠকত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে নিজৰ দাবীক লৈ অটল আছিল । ইয়াত উল্লেখ কৰা হৈছিল যে তেওঁলোকে প্ৰতিযোগিতাখনত খেলিব বিচাৰে, কিন্তু এই চৰ্তত যে ইয়াৰ মেচসমূহ ভাৰতৰ বাহিৰত, প্ৰতিযোগিতাখনৰ দ্বিতীয় আয়োজক শ্ৰীলংকাত অনুষ্ঠিত হ’ব । সেই বৈঠকত বাংলাদেশে ভাৰতত খেলিব নোৱাৰাৰ কাৰণ হিচাপে নিজৰ খেলুৱৈৰ সুৰক্ষাৰ কথা উল্লেখ কৰিছিল ।

তদুপৰি বাংলাদেশে আইচিচিৰ গ্ৰুপিং সলনি কৰিবলৈয়ো দাবী জনায় । আয়াৰলেণ্ডৰ সৈতে গ্ৰুপ সলনি কৰাটো বিচাৰিছিল বিচিবিয়ে । বাংলাদেশ গ্ৰুপ চিত থকাৰ বিপৰীতে আয়াৰলেণ্ড গ্ৰুপ বিত আছে, যিয়ে শ্ৰীলংকাত সকলো খেল খেলিব লাগিব । এই কাৰণেই বাংলাদেশে এই দাবী উত্থাপন কৰিছিল ।

উকলিব আইচিচিৰ সময়সীমা-

কিন্তু বাংলাদেশৰ এই দাবীত কোনো প্ৰভাৱিত কৰা নাই আইচিচিক । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই লগে লগে স্পষ্ট কৰি দিয়ে যে সূচী বা গ্ৰুপিং দুয়োটাৰে কোনো পৰিৱৰ্তন নহ’ব । ইয়াৰ পিছতেই আইচিচিয়ে বিচিবিক ২১ জানুৱাৰীৰ ভিতৰত চূড়ান্ত সিদ্ধান্তত উপনীত হ’বলৈ নিৰ্দেশ জাৰি কৰে ।

যদি বাংলাদেশ নহয়, তেন্তে কোন ?

এতিয়া প্ৰশ্ন হয় বাংলাদেশ যদি এই প্ৰতিযোগিতাৰ পৰা বাদ পৰে তেন্তে কাক স্থলাভিষিক্ত কৰা হ’ব ?  আজি বাংলাদেশ ক্ৰিকেট দলৰ বাবে সিদ্ধান্তৰ দিন আৰু যদি সিদ্ধান্ত তেওঁলোকৰ পক্ষত নহয় তেন্তে স্কটলেণ্ডক খেলাৰ সুযোগ দিয়া হ’ব পাৰে । নিজৰ ৰেংকিঙৰ ভিত্তিত ২০২৬ চনৰ টি-২০ বিশ্বকাপত বাংলাদেশৰ ঠাই ল’ব পাৰে স্কটলেণ্ডে । অৱশ্যে এই সন্দৰ্ভত আইচিচিয়ে এতিয়াও স্কটিছ ক্ৰিকেট ব’ৰ্ডৰ সৈতে যোগাযোগ কৰা নাই বুলি বাতৰি প্ৰকাশ পাইছে ।

লগতে পঢ়ক : উত্তৰ দিয়াটো নিৰাপদ নহয়… ভাৰতত টি-২০ বিশ্বকাপ খেলাক লৈ মৌনতা ভংগ বাংলাদেশৰ অধিনায়কৰ