উত্তৰ দিয়াটো নিৰাপদ নহয়… ভাৰতত টি-২০ বিশ্বকাপ খেলাক লৈ মৌনতা ভংগ বাংলাদেশৰ অধিনায়কৰ

উত্তৰ দিয়াটো নিৰাপদ নহয়… ভাৰতত টি-২০ বিশ্বকাপ খেলাক লৈ মৌনতা ভংগ বাংলাদেশৰ অধিনায়কৰ

ভাৰতত টি-২০ বিশ্বকাপ খেলা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক লিটন দাসে । এই প্ৰতিক্ৰিয়াই চলি থকা বিতৰ্কটোক আৰু অধিক জটিল কৰি তুলিছে । বাংলাদেশৰ অধিনায়ক লিটন দাসৰ শেহতীয়া বক্তব্যই টি-২০ বিশ্বকাপ ২০২৬ত বাংলাদেশৰ অংশগ্ৰহণক লৈ চলি থকা বিতৰ্কত অধিক ইন্ধন যোগাইছে ।

ভাৰতত টি-২০ বিশ্বকাপ খেলা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক লিটন দাসে । এই প্ৰতিক্ৰিয়াই চলি থকা বিতৰ্কটোক আৰু অধিক জটিল কৰি তুলিছে ।

বাংলাদেশৰ অধিনায়ক লিটন দাসৰ শেহতীয়া বক্তব্যই টি-২০ বিশ্বকাপ ২০২৬ত বাংলাদেশৰ অংশগ্ৰহণক লৈ চলি থকা বিতৰ্কত অধিক ইন্ধন যোগাইছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত স্থান আৰু নিৰাপত্তাক লৈ হোৱা বিবাদে পৰিস্থিতি ইমানেই জটিল কৰি তুলিছে যে প্ৰতিযোগিতা আৰম্ভ হ’বলৈ মাত্ৰ কেইদিনমান বাকী থকাৰ সময়তে বাংলাদেশ ভাৰতলৈ আহিব নে নাহে সেয়া স্পষ্ট হোৱা নাই ।

বিচিবি-আইচিচিৰ যুঁজ-

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে দলটোৰ টি-২০ বিশ্বকাপৰ মেচসমূহ ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে । নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰিছে ব’ৰ্ডে । কিন্তু আইচিচিয়ে এই দাবীত এতিয়াও সন্মতি দিয়া নাই আৰু কেইবাবাৰো বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো কোনো সিদ্ধান্তত উপনীত হোৱা নাই । এই অচলাৱস্থাই বাংলাদেশক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিছে । খেলুৱৈৰ পৰা অনুৰাগীলৈকে সকলোৱে চূড়ান্ত সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে ।

অধিনায়ক লিটন দাসৰ প্ৰতিক্ৰিয়া-

মঙলবাৰৰ বাংলাদেশ প্ৰিমিয়াৰ লীগৰ খেলখনৰ পিছত প্ৰতিযোগিতাখনৰ পিটচসমূহ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সহায়ক হৈছে নে নাই বুলি সোধাত অধিনায়ক লিটন দাসে স্পষ্ট কৰি দিয়ে যে এই সময়ত তেওঁ এই বিষয়ত কথা ক’ব পৰা অৱস্থাত নাই ।

লিটন দাসে কয়, “আপুনি নিশ্চিতভাৱে কৈছেনে যে আমি টি-২০ বিশ্বকাপ খেলিম ? মই অনিশ্চিত, সকলোৱে অনিশ্চিত । মই ভাবো সমগ্ৰ বাংলাদেশ বৰ্তমান অনিশ্চিত । মই উত্তৰ নিদিওঁ । আপুনি কি সুধিছে মই বুজি পাইছো । উত্তৰ দিয়াটো মোৰ বাবে নিৰাপদ নহয় । মোৰ উত্তৰ নাই ।” এই বক্তব্যই সমগ্ৰ বিতৰ্কটোক খেলুৱৈসকলৰ সুৰক্ষা আৰু অৱস্থাৰ ওপৰত পুনৰ কেন্দ্ৰীভূত কৰিছে । ছ’চিয়েল মিডিয়াত বৃহৎ সংখ্যক অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে কি হেঁচাত অধিনায়কগৰাকীয়ে মুকলিকৈ কথা কোৱাত সমস্যাৰ সন্মুখীন হৈছে ।

ইয়াৰ পূৰ্বে বাংলাদেশ চৰকাৰৰ ক্ৰীড়া উপদেষ্টা আছিফ নজৰুলেও সংবাদ মাধ্যমত স্পষ্ট বক্তব্য আগবঢ়াইছিল যে আইচিচিয়ে ২১ জানুৱাৰীৰ সময়সীমা নিৰ্ধাৰণ কৰিলেও কোনো কাৰণতে বাংলাদেশে বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাযায় ।

লগতে পঢ়ক : বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ শেষ সুযোগ, আজিৰে পৰা ভাৰত-নিউজীলেণ্ডৰ টি-২০ শৃংখলা