ৰোহিত-কোহলীৰ দৰমহা কৰ্তন কৰা হ’ব পাৰে বুলি শেহতীয়াকৈ চৰ্চা চলিছে । নতুন আৰ্হি কাৰ্যকৰী হ’লে মাত্ৰ তিনিটা শ্ৰেণী – A, B, আৰু C – বাকী থাকিব ।
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ পৰা অৱনমিত হ’ব নেকি ৰোহিত শৰ্মা আৰু বিৰাট কোহলী ? শেহতীয়াকৈ এই দুয়োগৰাকী তাৰকাক A+ কেটেগৰীৰ পৰা আতঁৰোৱাৰ পৰামৰ্শ দিছে অজিত আগৰকাৰে । ইয়াৰ পিছতেই এতিয়া ভাৰতীয় দলৰ এই দুয়োগৰাকী তাৰকাৰ পাৰিশ্ৰমিক কৰ্তন কৰা হ’ব পাৰে বুলি চৰ্চা চলিছে ।
অজিত আগৰকাৰৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ জ্যেষ্ঠ বাছনি সমিতিয়ে কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত বৃহৎ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছে । প্ৰকাশিত এক তথ্য অনুসৰি বাছনি সমিতিখনে খেলুৱৈক বছৰি ৭ কোটি টকা দিয়া A+ কেটেগৰী বাদ দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে ।
এই নতুন আৰ্হি কাৰ্যকৰী হ’লে মাত্ৰ তিনিটা শ্ৰেণী – A, B, আৰু C – বাকী থাকিব । অৰ্থাৎ সৰ্বোচ্চ A+ শ্ৰেণীটো সম্পূৰ্ণৰূপে নাইকীয়া কৰা হ’ব । কিন্তু এই সময়ত এয়া মাথোঁ এটা পৰামৰ্শ আৰু বিচিচিআইয়ে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা নাই ।
এই প্ৰস্তাৱৰ ওপৰত বিচিচিআইৰ পৰৱৰ্তী এপেক্স কাউন্সিলৰ বৈঠকত আলোচনা কৰা হ’ব । ব’ৰ্ডৰ শীৰ্ষ বিষয়াসকলে বৰ্তমানৰ কেন্দ্ৰীয় চুক্তিৰ গাঁথনি সলনি কৰিব নে নকৰে সেই বিষয়ে বিবেচনা কৰিব ।
জানিব পৰা মতে এই নতুন ব্যৱস্থা কাৰ্যকৰী হ’লে ভাৰতৰ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক A+ কেটেগৰীৰ পৰিৱৰ্তে B কেটেগৰীত স্থান দিয়া হ’ব পাৰে । এই পৰিৱৰ্তন তেওঁলোকৰ সীমিত-ফৰ্মেটত খেলা আৰু ৱৰ্কলোডৰ সৈতে জড়িত কৰা হৈছে ।
বৰ্তমান কেন্দ্ৰীয় চুক্তিত A+ কেটেগৰীত কেৱল তিনিওটা ফৰ্মেটতে নিয়মিতভাৱে খেলা নিৰ্বাচিত খেলুৱৈহে অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে নতুন ক্ৰিকেট কেলেণ্ডাৰ আৰু খেলুৱৈৰ উপলব্ধতা বিবেচনা কৰি চুক্তি ব্যৱস্থাটো বাছনি সমিতিৰ মতে অধিক ব্যৱহাৰিক কৰি তুলিব লাগে । এতিয়া সকলোৰে দৃষ্টি বিচিচিআই এপেক্স কাউন্সিলৰ বৈঠকত নিবদ্ধ হৈ আছে, য’ত ভাৰতীয় ক্ৰিকেটৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত এই বৃহৎ পৰিৱৰ্তন কাৰ্যকৰী হ’ব নে নহয় সেয়া সিদ্ধান্ত লোৱা হ’ব ।
বৰ্তমানৰ বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিবদ্ধ খেলুৱৈৰ পাৰিশ্ৰমিক-
গ্ৰেড A+ – বছৰি ৭ কোটি টকা
গ্ৰেড A – বছৰি ৫ কোটি টকা
গ্ৰেড B – বছৰি ৩ কোটি টকা
গ্ৰেড C – বছৰি ১ কোটি টকা
বিচিচিআই কেন্দ্ৰীয় চুক্তি ২০২৪-২৫- খেলুৱৈৰ তালিকা
গ্ৰেড A+ (৪ খেলুৱৈ): ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাডেজা
A গ্ৰেড (৬ খেলুৱৈ): মহম্মদ চিৰাজ, কে এল ৰাহুল, শুভমন গীল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামি, ঋষভ পন্ট
গ্ৰেড B (৫ জন খেলুৱৈ): সূৰ্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছোৱাল, শ্ৰেয়াছ আয়েৰ
গ্ৰেড C (১৯ জন খেলুৱৈ): ৰিংকু সিং, তিলক বাৰ্মা, ঋতুৰাজ গাইকোৱাদ, শিৱম ডুবে, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ৰজত পাটিদাৰ, চৰফৰাজ খান, আকাশ দীপ, নীতিশ ৰেড্ডী, ধ্ৰুৱ জুৰেল, বৰুণ চক্ৰৱৰ্তী, ঈশান কিষণ, অভিষেক শৰ্মা, হৰ্ষিত ৰাণা
লগতে পঢ়ক : সকলোকে আচৰিত কৰি ছাইনা নেহৱালে ল’লে এই সিদ্ধান্ত… বিস্মিত ক্ৰীড়া জগত









