ইন্দোৰত বিৰাট কোহলীৰ নতুন ইতিহাস; ODI ত সৰ্বাধিক শতক অৰ্জন

ইন্দোৰত বিৰাট কোহলীৰ নতুন ইতিহাস; ODI ত সৰ্বাধিক শতক অৰ্জন

টিম ইণ্ডিয়াৰ বেটছমেন বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ধুমুহাময় বেটিং কৰি ৯১টা বলত শতক সম্পূৰ্ণ কৰে।এদিনীয়া ক্ৰিকেটত এয়া বিৰাট কোহলীৰ ৫৪তম শতক ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ অন্তিমখন খেল আজি (১৮ জানুৱাৰী) ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে। এই মেচখনত ভাৰতীয় দলটোৱে

টিম ইণ্ডিয়াৰ বেটছমেন বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ধুমুহাময় বেটিং কৰি ৯১টা বলত শতক সম্পূৰ্ণ কৰে।এদিনীয়া ক্ৰিকেটত এয়া বিৰাট কোহলীৰ ৫৪তম শতক

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ অন্তিমখন খেল আজি (১৮ জানুৱাৰী) ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।

এই মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য লাভ কৰিছে। বৰ্তমান ক্ৰীজত আছে বিৰাট কোহলী ।এই মেচখনত শতক সম্পূৰ্ণ কৰিলে কোহলীয়ে।

কোহলীয়ে ৯১টা বলত শতক সম্পূৰ্ণ কৰে, য’ত ৮টা চাৰি আৰু দুটা ছয় অন্তৰ্ভুক্ত।যিটো তেওঁৰ এদিনীয়া কেৰিয়াৰৰ ৫৪তম শতিক।একে সময়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এয়া তেওঁৰ ৮৫তম শতক।

এনেদৰে সৰ্বাধিক ১০০টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা বিৰাট আৰু শচীন তেণ্ডুলকাৰৰ মাজত মাথোঁ ১৫টা শতকৰ পাৰ্থক্য আছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত বিৰাট কোহলীয়ে ৭ম বাৰৰ বাবে শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰে।ইয়াৰ লগে লগে তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া মেচত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হয়।

বীৰেন্দ্ৰ ছেহৱাগ আৰু ৰিকি পণ্টিঙৰ দৰে কিংবদন্তিক অতিক্ৰম কৰি তেওঁ এই ডাঙৰ মাইলৰ খুঁটিটো অৰ্জন কৰিছে।

লগতে পঢ়ক: ভাৰতীয় টি ২০ দলত শ্ৰেয়াছ আয়াৰৰ প্ৰত্যাবৰ্তন; আউট ৱাশ্বিংটন সুন্দৰ

শেহতীয়া প্ৰৱন্ধসমূহ