শ্বহীদ পুত্ৰৰ প্ৰতিমূৰ্তি কম্বলেৰে ঢাকিলে মাতৃয়ে, দৃশ্য দেখিলে চকুলো টুকিব আপুনিও

শ্বহীদ পুত্ৰৰ প্ৰতিমূৰ্তি কম্বলেৰে ঢাকিলে মাতৃয়ে, দৃশ্য দেখিলে চকুলো টুকিব আপুনিও

এয়া পুত্ৰ স্নেহত বিগলিত এগৰাকী মাতৃ আৰু দেশৰ বাবে সৰ্বোচ্চ বলিদান এগৰাকী সাহসী জোৱানৰ কাহিনী । শ্বহীদ পুত্ৰৰ প্ৰতিমূৰ্তিৰ কাষত এইগৰাকী মাতৃয়ে কৰা কামে চকু সেমেকাই তুলিব আপোনাৰ… বাহিৰত বৰফৰ বতাহ বলিছে আৰু পাৰাস্তম্ভও দ্ৰুতগতিত অৱনমিত হৈছে । এই হাড় কঁপোৱা জাৰতো জম্মুৰ আৰ্নিয়াত দেখা

এয়া পুত্ৰ স্নেহত বিগলিত এগৰাকী মাতৃ আৰু দেশৰ বাবে সৰ্বোচ্চ বলিদান এগৰাকী সাহসী জোৱানৰ কাহিনী । শ্বহীদ পুত্ৰৰ প্ৰতিমূৰ্তিৰ কাষত এইগৰাকী মাতৃয়ে কৰা কামে চকু সেমেকাই তুলিব আপোনাৰ…

বাহিৰত বৰফৰ বতাহ বলিছে আৰু পাৰাস্তম্ভও দ্ৰুতগতিত অৱনমিত হৈছে । এই হাড় কঁপোৱা জাৰতো জম্মুৰ আৰ্নিয়াত দেখা গ’ল এক হৃদয়স্পৰ্শী দৃশ্য । মাতৃৰ মমতাই যে কোনো বাধা নামানে তাৰেই প্ৰতিফলন ঘটিল এই দৃশ্যত । ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’ই চকু সেমেকাই তুলিছে প্ৰতিজনৰে ।

এয়া শ্বহীদ গুৰনাম সিং আৰু তেওঁৰ মাতৃ যশৱন্ত কৌৰৰ কাহিনী । এগৰাকী মাতৃ যাৰ বাবে পুত্ৰৰ মৃত্যু হোৱা নাই, বৰঞ্চ কেৱল সীমান্তৰ পৰা উভতি আহি শিলৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছে ।

২০২১ চনত আৰ্নিয়াত কনিষ্টবল গুৰনাম সিঙৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল, তেতিয়া ই আছিল বিশ্ববাসীৰ বাবে গৌৰৱৰ প্ৰতীক । কিন্তু তেওঁৰ মাতৃ যশৱন্ত কৌৰৰ বাবে মৰমৰ পুত্ৰই হৈ আছে যিয়ে ঠাণ্ডাত কঁপিব পাৰে । ২০২২ চনৰ পৰা প্ৰতিটো শীতকালতে জম্মুত প্ৰথম শীত লহৰৰ লগে লগে যশৱন্ত কৌৰে গধুৰ উলৰ কম্বল লৈ প্ৰতিমূৰ্তিৰ কাষ চাপে । তেওঁ মৰমেৰে প্ৰতিমূৰ্তিটোৰ কান্ধত কম্বলখন মেৰিয়াই দিয়ে । প্ৰত্যক্ষদৰ্শীৰ চকু চকুলোৰে ভৰি পৰে, কিন্তু মাতৃগৰাকীৰ মুখখনে কঢ়িয়াই লৈ ফুৰে এক অদ্ভুত সন্তুষ্টিৰ অনুভূতি, যেন পুত্ৰক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিছে ।

শ্বহীদ মাতৃগৰাকীয়ে স্মৰণ কৰে যে, ২৬ বছৰীয়া গুৰনামক শেষবাৰৰ বাবে দেখাৰ সময়ত তেওঁৰ বিয়াৰ সপোন দেখিছিল । তেওঁ কল্পনা কৰিছিল যে পিছৰবাৰ তেওঁৰ মৰমৰ পুত্ৰই ছুটী লৈ উভতি আহিলে ঘৰখন বিয়াৰ আনন্দ-উলাহেৰে ভৰি পৰিব । কিন্তু গুৰনামৰ মনত আন কিবাহে আছিল । তেওঁৰ “প্ৰথম প্ৰেম” আছিল তেওঁৰ ইউনিফৰ্ম আৰু তেওঁৰ দেশ ।

উল্লেখ্য যে, ২১ অক্টোবৰ, ২০১৬ত হিৰানগৰ খণ্ডত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীৰ বাবে গুৰনাম হৈ পৰিছিল দুঃস্বপ্ন । তেওঁ এটা সন্ত্ৰাসবাদীক হত্যা কৰি যুদ্ধবিৰতিৰ প্ৰতিশোধ লয় । ২২ অক্টোবৰ, ২০১৬ত গুলীৰে থকা-সৰকা হোৱাৰ পিছতো গুৰনাম পিছহুহকি নাযায় আৰু শেষত ভাৰত মাতৃৰ কোলাত শেষ নিশ্বাস ত্যাগ কৰে ।

বি এছ এফৰ ১৭৩ নং বেটেলিয়নৰ এইগৰাকী সাহসী জোৱান এতিয়া মাতৃৰ কোলাত সুৰক্ষিত হৈ আছে । যশৱন্ত কৌৰৰ ত্যাগ আৰু প্ৰেমে আমাক সোঁৱৰাই দিয়ে যে এজন সৈনিকে কেৱল সীমান্তত নিজৰ প্ৰাণ আহুতি নিদিয়ে; তেওঁৰ সমগ্ৰ পৰিয়ালে প্ৰতিদিনে এক নতুন শ্বহীদ হোৱাৰ অভিজ্ঞতা লাভ কৰে । এই কম্বলখন কেৱল উলৰ টুকুৰা নহয়, মাতৃৰ প্ৰেমৰ উষ্ণতা যিটো কোনো গুলী বা শত্ৰুৱে কেতিয়াও ভেদিব নোৱাৰে ।

লগতে পঢ়ক : অন্ত পৰিব পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ চিন্তা ; কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰীৰ ডাঙৰ ঘোষণা