ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ নতুন বৈশিষ্ট্যক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। এক্সক লৈ এতিয়া কেন্দ্ৰ চৰকাৰে দিছে কঠোৰ নিৰ্দেশ।
কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’লৈ কঠোৰ জাননী প্ৰেৰণ কৰিছে। য’ত Grok AI ৰ পৰা অশ্লীল বিষয়বস্তুসমূহ আঁতৰাবলৈ নিৰ্দেশনা দিয়া হৈছে।ইয়াৰ সমান্তৰালকৈ চৰকাৰে কোম্পানীটোক ৭২ ঘন্টাৰ ভিতৰত প্রতিবেদন প্রেৰণ কৰিবলৈও কৈছে৷
দৰাচলতে, যোৱা কিছুদিনমানৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ৰ জেনেৰেটিভ এআই চেটবট Grok ৰ অপব্যৱহাৰ বৃদ্ধি পাইছে। য’ত ব্যৱহাৰকাৰীয়ে অশ্লীল বিষয়বস্তুক বেছিকৈ ব্যৱহাৰ কৰিছিল।
এই ক্ৰমবৰ্ধমান ধাৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্বেগ বৃদ্ধি পায়। যাৰ বাবে এতিয়া ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এক্সক তৎক্ষণাত নিজৰ Grok AI প্ৰযুক্তি পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ সমান্তৰালকৈ চৰকাৰে নিৰ্দেশ দিছে, এই বিষয়ত যি ব্যৱস্থা গ্ৰহণ কৰা হ’ব অথবা যি পৰ্যালোচনা কৰা হ’ব, তাৰ প্ৰতিবেদন ৭২ ঘন্টাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক দিব লাগিব।
আচলতে এক্স ব্যৱহাৰকাৰীয়ে ফটো পোষ্ট কৰি বটক নিৰ্দেশ দিছিল যে, এগৰাকী মহিলাৰ কাপোৰ খুলি অধিক উত্তেজক ৰূপত যেন দেখুৱাওক।
Grok এ বহুবাৰ অনুমতি অবিহনে মহিলাৰ ফটো সলনি কৰি আউটপুট দিছিল, যাৰ ফলত পৰ্ণগ্ৰাফিকৰ দৰে ছবি দেখিবলৈ পোৱা গৈছিল, যিটো প্লেটফৰ্মৰ নিজা নীতি আৰু ভাৰতৰ আইন বিৰোধী।সেয়েহে চৰকাৰে মহিলাৰ বিৰুদ্ধে চলি থকা ধাৰাটোৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে।
লগতে পঢ়ক: গগণযানৰ পৰা ব্যক্তিগত ৰকেট উৎক্ষেপণলৈকে… মহাকাশত আধিপত্য বিস্তাৰ কৰিব ভাৰতে









