২০২৬ বৰ্ষৰ ১ জানুৱাৰীৰ দিনটোতে চিৰবৈৰী ভাৰত-পাকিস্তানে বিনিময় কৰিলে নিজ নিজ দেশৰ পাৰমাণৱিক কেন্দ্ৰ তথা সুবিধাৰ তালিকা । কিন্তু কিয় দুয়োখন দেশে এই তালিকাৰ আদান-প্ৰদান কৰে ?
ভাৰত আৰু পাকিস্তানে ইখনে সিখন দেশৰ পাৰমাণৱিক প্ৰতিষ্ঠানত আক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে দুয়োখন দেশৰ মাজত হোৱা চুক্তিৰ অধীনত বৃহস্পতিবাৰে কূটনৈতিক মাধ্যমেৰে পাৰমাণৱিক স্থাপন আৰু সুবিধাসমূহৰ তালিকা বিনিময় কৰে ।
ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক কেন্দ্ৰ আৰু সুবিধা বিনিময়ৰ চুক্তিখন ১৯৮৮ চনৰ ৩১ ডিচেম্বৰত স্বাক্ষৰিত হয় আৰু ১৯৯১ চনৰ ২৭ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় । এই চুক্তিৰ অধীনত দুয়োখন দেশে প্ৰতি বছৰে ১ জানুৱাৰীত ইখনে সিখনৰ লগত নিজৰ পাৰমাণৱিক কেন্দ্ৰ আৰু সুবিধাসমূহৰ বিষয়ে তথ্য ভাগ-বতৰা কৰে । এইবাৰ দুয়োখন দেশৰ মাজত একেৰাহে ৩৪ সংখ্যক তালিকাৰ আদান-প্ৰদান দয় । প্ৰথম তালিকাৰ বিনিময় হৈছিল ১৯৯২ চনৰ ১ জানুৱাৰীত ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কনছুলাৰ এক্সেছ দ্বিপাক্ষিক চুক্তি ২০০৮ৰ অধীনত ভাৰত আৰু পাকিস্তানে আজি কূটনৈতিক মাধ্যমেৰে নিজৰ নিজৰ জিম্মাত থকা অসামৰিক বন্দী আৰু মাছমৰীয়াৰ তালিকাও বিনিময় কৰে । ভাৰতে নিজৰ জিম্মাত থকা ৩৯১জন অসামৰিক বন্দী আৰু ৩৩জন মাছমৰীয়াৰ তালিকা শ্বেয়াৰ কৰে যিসকলক পাকিস্তানী বুলি সন্দেহ কৰা হৈছে । একেদৰে পাকিস্তানে নিজৰ জিম্মাত থকা ৫৮ জন অসামৰিক বন্দী আৰু ১৯৯ জন মাছমৰীয়াৰ তালিকা শ্বেয়াৰ কৰে যিসকল ভাৰতীয় বুলি সন্দেহ কৰা হৈছে ।
লগতে পঢ়ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত আক্ৰমণ… উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ









