প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী বুঢ়া লুইতত নৌকা বিহাৰ। লুইতৰ বুকুত ২৫ গৰাকী শিক্ষাৰ্থীৰে বাৰ্তালাপ ।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন।প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে বুঢ়া লুইতত কৰিব নৌকা বিহাৰ।
বুঢ়া লুইতৰ নৌকা বিহাৰৰ লগতে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে তেওঁ।’পৰীক্ষা পে চৰ্চা’ৰ অষ্টম সংস্কৰণত অংশ লৈছে ৰাজ্যৰ ২৫ গৰাকী শিক্ষাৰ্থীয়ে। IWT ‘চৰাইদেউ’ জাহাজত প্ৰধানমন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ সৈতে কৰিছে বাৰ্তালাপ।তাৰ পিছতেই বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈ শ্বহীদৰ জনাব শ্ৰদ্ধাঞ্জলি।
ইফালে আজি নামৰূপলৈও যাব প্ৰধানমন্ত্ৰী গৰাকী। নতুন সাৰ কাৰখানাৰ ভূমি পূজন, আধাৰশিলা স্থাপন কৰিব তেওঁ।
১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্পৰ বাবে কৰিব ভূমি পূজন। তাৰ পিছতে হাপজানৰ সভাস্থলীত লক্ষাধিক লোকক কৰিব সম্বোধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু নামৰূপবাসী।
লগতে পঢ়ক: গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব’… পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক









