প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম সুতাৰৰ বুধবাৰে গভীৰ নিশা নিজ বাসগৃহত মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০০ বছৰ ।
বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ষ্টেচু অৱ ইউনিটিৰ স্থপতি প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম সুতাৰৰ বুধবাৰে গভীৰ নিশা নিজ বাসগৃহত মৃত্যু হোৱা বুলি তেওঁৰ পুত্ৰই জানিবলৈ দিয়ে । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা সুতাৰৰ মৃত্যুৰ সময়ত বয়স আছিল ১০০ বছৰ ।
পদ্মভূষণ বঁটা বিজয়ী ভাস্কৰ্য শিল্পীগৰাকীয়ে নয়ডাস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । ১০০ বছৰৰ সীমা অতিক্ৰম কৰি তেওঁ ১০১ বছৰত ভৰি দিছিল । দেশৰ সৰ্ববৃহৎ ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি, সংসদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গুজৰাটৰ কেৱাদিয়াত চৰ্দাৰ পেটেলৰ বিশাল প্ৰতিমূৰ্তিকে ধৰি বহু ঐতিহাসিক আৰু অমৰ শিল্পকৰ্ম সৃষ্টি কৰা ভাস্কৰ্য শিল্পী ৰাম সুতাৰৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰিছে ।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা এক বিবৃতিত তেওঁৰ পুত্ৰ অনিল সুতাৰে কয় যে, “গভীৰ দুখেৰে আমি আপোনালোকক জনাইছো যে ১৭ ডিচেম্বৰৰ মাজনিশা আমাৰ বাসগৃহত মোৰ পিতৃ ৰাম ভাঞ্জী সুতাৰৰ মৃত্যু হয় ।” ১৯২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ বৰ্তমানৰ ধূলে জিলাৰ গণ্ডুৰ গাঁৱৰ এটা পৰিয়ালত ৰাম সুতাৰৰ জন্ম হৈছিল । সৰুৰে পৰা ভাস্কৰ্য শিল্পৰ প্ৰতি তেওঁৰ প্ৰৱল আকৰ্ষণ আছিল ।
মুম্বাইৰ জে জে স্কুল অৱ আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ স্বৰ্ণ পদক বিজয়ী সুতাৰৰ বহু উল্লেখযোগ্য কৃতিত্ব তেওঁৰ নামত আছে । তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত সংসদ কমপ্লেক্সত মহাত্মা গান্ধীৰ ধ্যান মুদ্ৰাত থকা মূর্তি আৰু ঘোঁৰাত উঠি থকা ছাত্রপতি শিৱাজী মহাৰাজৰ প্রতিমূর্তি অন্যতম ।
দেশৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ নামত উচৰ্গা কৰা গুজৰাটৰ ষ্টেচু অব্ ইউনিটি সুতাৰে ডিজাইন কৰিছিল । ১৯৯৯ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত পদ্মভূষণ বঁটা লাভ কৰা ৰাম সুতাৰক শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ সৰ্বোচ্চ সন্মান মহাৰাষ্ট্ৰ ভূষণ বঁটাৰে সন্মানিত কৰিছিল ।
পদ্মভূষণ বঁটা বিজয়ী ভাস্কৰ্য শিল্পী ৰাম সুতাৰ এসময়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা আছিল, য’ত তেওঁ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বাবে মডেল ডিজাইন কৰিছিল । ১৯৫৯ চনত চৰকাৰী সেৱা ত্যাগ কৰি তাৰ পিছত তেওঁ নিজৰ কলাৰ প্ৰতি সম্পূৰ্ণৰূপে নিয়োজিত হয় । তেওঁৰ দীৰ্ঘদিনীয়া পেছাদাৰী কেৰিয়াৰত ৫০টাতকৈও অধিক কীৰ্তিচিহ্ন ভাস্কৰ্য্য নিৰ্মাণ কৰিছে ।
মধ্যপ্ৰদেশৰ গান্ধীসাগৰ বান্ধৰ চম্বল নদীৰ প্ৰতিমূৰ্তি ৰাম সুতাৰৰ প্ৰথম বৃহৎ স্বীকৃতি । ৪৫ ফুট ওখ এই মূৰ্তিটো এটা শিলৰ পৰা খোদিত কৰা হৈছিল । মধ্য ভাৰতৰ ঠেক ভূখণ্ডৰ মাজেৰে বৈ যোৱা চম্বল নদীক “মা চাম্বল” হিচাপে চিত্ৰিত কৰা হৈছে, যাৰ দুটা সন্তান হৈছে মধ্যপ্ৰদেশ আৰু ৰাজস্থান । তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই চম্বল প্ৰতিমূৰ্তি দেখি ৰাম সুতাৰক আন এক বৃহৎ প্ৰকল্পৰ সৈতে জড়িত কৰাৰ সিদ্ধান্ত লয় ।
লগতে পঢ়ক : আজি লোকসভাত প্ৰদূষণ সন্দৰ্ভত আলোচনা, বিয়লি ৫ বজাত পৰিৱেশ মন্ত্ৰীয়ে দিব উত্তৰ









