ভাৰতৰ মহিলা ক্ৰিকেটাৰ শ্বেফালী বাৰ্মালৈ আই চি চিৰ বিশেষ সন্মান । বিগত মহিলা ক্ৰিকেট বিশ্বকাপত শ্বেফালীয়ে আগবঢ়াইছিল দুৰ্দান্ত প্ৰদৰ্শন ।
ক্ৰিকেটত এনে কিছুমান ইনিংছ আছে যিবোৰ কেৱল স্ক’ৰকাৰ্ডতে সীমাবদ্ধ নাথাকি ইতিহাসত পৰিণত হয় । শ্বেফালী বাৰ্মাৰ বিশ্বকাপৰ ফাইনেল ইনিংছ তেনে এক উদাহৰণ । আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ খিতাপ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শনৰ পিছত ভাৰতীয় অ’পেনাৰ শ্বেফালী বাৰ্মা ২০২৫ চনৰ নৱেম্বৰ মাহৰ আই চি চি মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে । নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত শ্বেফালীয়ে বেটিং আৰু বলিঙৰে মেচখনৰ ৰং সলনি কৰি দলটোক প্ৰথম আই চি চি খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
খিতাপ মেচত শ্বেফালী বাৰ্মাই ৮৭ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে । এয়া কেৱল তেওঁৰ এদিনীয়া সৰ্বোচ্চ স্ক’ৰ নহয়, তিনি বছৰতকৈও অধিক সময়ৰ ভিতৰত তেওঁৰ প্ৰথমটো অৰ্ধশতক । স্মৃতি মন্ধানাৰ সৈতে শ্বেফালীয়ে ১০৪ ৰানৰ অংশীদাৰিত্ব ভাগ কৰি ভাৰতৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰে । চাপৰ আটাইতকৈ ডাঙৰ মঞ্চত ৰচিত অথচ আক্ৰমণাত্মক এই প্ৰদৰ্শন ভাৰতৰ বাবে এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয় ।
কেৱল বেটিঙেৰেই নহয়, বলিঙৰ দ্বাৰাও শ্বেফালীয়ে নিজৰ যোগ্যতা প্ৰমাণ কৰে । ৭ অভাৰত ৩৬ ৰানত ২ উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ শক্তিশালী বেটিং লাইন আপক ভাঙি পেলাই তেওঁ । শ্বেফালীৰ চিকাৰ হয় অভিজ্ঞ বেটছমেন ছুনে লুছ আৰু মাৰিজান কেপ, যাৰ বাবে প্ৰটিয়াছ চাপলৈ আহিবলৈ বাধ্ হয় । অধিনায়ক হৰমনপ্ৰীত কৌৰে বল শ্বেফালীক গতাই দিয়াৰ সিদ্ধান্ত নিখুঁত বুলি প্ৰমাণিত হয়, কিয়নো ভাৰতে দক্ষিণ আফ্ৰিকাক ২৪৬ ৰানত অল আউট কৰে ।
শ্বেফালীৰ বিশ্বকাপ বিজয়ী কাহিনী সহজ নাছিল । প্ৰথমতে তেওঁক মূল দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল আৰু তাৰ পিছত যস্তিকা ভাটিয়াৰ প্ৰতিস্থাপক হিচাপে উপেক্ষা কৰা হৈছিল । অৱশ্যে বাংলাদেশৰ বিৰুদ্ধে প্রতীকা ৰাৱালৰ আঘাতৰ বাবে তেওঁক সুযোগ দিয়া হয় ৷ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মাত্ৰ ১০ ৰান সংগ্ৰহ কৰাৰ পিছতো তেওঁ হাৰ নামানে আৰু ফাইনেলত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায় ।ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে আৰু শ্বেফালী খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ।
লগতে পঢ়ক : আই পি এলৰ বাবে আবুধাবিত খেলুৱৈৰ বজাৰ, মিনি নিলামৰ পূৰ্বে জানক সকলো









