চিকিৎসালয়ৰ পৰা ৰিলিজ... কিন্তু দ্বিতীয় টেষ্টৰ বাবে অনিশ্চয়তাত শুভমন গীল!

চিকিৎসালয়ৰ পৰা ৰিলিজ… দ্বিতীয় টেষ্টৰ বাবে অনিশ্চয়তাত শুভমন গীল!

দ্বিতীয় টেষ্টৰ বাবে শুভমন গীলৰ সন্মুখত প্ৰত্যাহ্বান দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত ডিঙিত আঘাত পাই শনিবাৰে সন্ধিয়া কলকাতাৰ হাস্পতালত ভৰ্তি হৈছিল ভাৰতীয় অধিনায়ক শুভমন গীল । কিন্তু এতিয়া গীলক হাস্পটালৰ পৰা মুকলি কৰা হৈছে । গীল দলৰ হোটেললৈ উভতি আহে আৰু বৰ্তমান তেওঁ সুস্থিৰ,

দ্বিতীয় টেষ্টৰ বাবে শুভমন গীলৰ সন্মুখত প্ৰত্যাহ্বান

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত ডিঙিত আঘাত পাই শনিবাৰে সন্ধিয়া কলকাতাৰ হাস্পতালত ভৰ্তি হৈছিল ভাৰতীয় অধিনায়ক শুভমন গীল । কিন্তু এতিয়া গীলক হাস্পটালৰ পৰা মুকলি কৰা হৈছে । গীল দলৰ হোটেললৈ উভতি আহে আৰু বৰ্তমান তেওঁ সুস্থিৰ, খোজ কাঢ়িব পাৰিছে আৰু ডিঙি লৰচৰ কৰিবও পৰা হৈছে । প্ৰথমতে সহায়ক কৰ্মচাৰীসকলক চিন্তিত কৰা বিষ এতিয়া বহু পৰিমাণে হ্ৰাস পাইছে শুভমন গীলৰ ।

এতিয়াৰ বাবে শুভমন গীল টিম হোটেলখনতে তীক্ষ্ণ নিৰীক্ষণত থাকিব, য’ত চিকিৎসক আৰু বিচিচিআই মেডিকেল ইউনিটে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰিব । গুৱাহাটীত দ্বিতীয়খন টেষ্টৰ বাবে দলৰ সৈতে যাত্ৰা কৰিব নে নকৰে সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই আৰু অনাগত দিনত জিৰণি আৰু চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰিব ।

প্ৰথম টেষ্টৰ পৰা বাহিৰ হৈছিল গীল-

দ্বিতীয় দিনৰ অন্তিম মুহূৰ্তত সংঘটিত হোৱা এক চিন্তনীয় ঘটনাৰ পিছত প্ৰথম টেষ্টৰ বাকী অংশৰ পৰা বাহিৰ হয় শুভমন গীল । ড্ৰিংকছ ব্ৰেকৰ পিছত তেওঁ ক্ৰীজলৈ উভতি আহি ছাইমন হাৰ্মাৰৰ প্ৰথম বলটো ডিফেণ্ড কৰে, তাৰ পিছত পৰৱৰ্তী ডেলিভাৰীটো স্লগ-ছুইপ কৰি বাউণ্ডেৰীলৈ ঠেলে । কিন্তু এই শ্বটৰ বাবে তেওঁ আগাতপ্ৰাপ্ত হয় । লগে লগে ফিজিঅ’ খেলপথাৰত উপস্থিত হয় আৰু মাত্ৰ তিনিটা বলৰ পিছত ভাৰতীয় অধিনায়কজনে আঘাতৰ বাবে ক্ৰীজ ত্যাগ কৰে । পিছদিনা সন্ধিয়া তেওঁক সাৱধানতাৰ উদ্দেশ্যে ছাৰ্ভাইকেল কলাৰ পিন্ধাই চিকিৎসালয়লৈ লৈ যোৱা হয় ।

দেওবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি সৌৰভ গাংগুলীয়ে ১৫ মিনিটৰ বাবে চিকিৎসালয়ত উপস্থিত হৈ শুভমন গীলৰ অৱস্থাৰ বিষয়ে খবৰ লোৱাৰ লগতে চিকিৎসক আৰু কৰ্মীসকলৰ সৈতে কথা পাতে ।

উল্লেখ্য যে, কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগা হয় । দলটোৱে ১২৪ ৰানৰ লক্ষ্য কৰিছিল যদিও বেটিং ব্যৰ্থতাৰ বাবে বিজয় লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।  

লগতে পঢ়ক : ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ… গীল বাহিনীৰ পৰাজয়ৰ আঁৰৰ কাৰণ

শেহতীয়া প্ৰৱন্ধসমূহ