টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট; ৰাহুল-জয়ছোৱাল আৰু জুৰেলেও দেখাইছে শক্তি

টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট; আত্মবিশ্বাসী ৰাহুল-জয়ছোৱাল আৰু জুৰেল

টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে মঙলবাৰে ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াই জোৰদাৰ অনুশীলন কৰে । সম্পূৰ্ণ ফৰ্মত দেখা গ’ল উইকেটকীপাৰ-বেটছমেন ঋষভ পন্টক । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু হোৱা পণ্টে নিজৰ সাধাৰণ নিৰ্ভীক শ্বটবোৰ নেটত খেলা

টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে মঙলবাৰে ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াই জোৰদাৰ অনুশীলন কৰে । সম্পূৰ্ণ ফৰ্মত দেখা গ’ল উইকেটকীপাৰ-বেটছমেন ঋষভ পন্টক । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু হোৱা পণ্টে নিজৰ সাধাৰণ নিৰ্ভীক শ্বটবোৰ নেটত খেলা দেখা যায় ।

জুলাই মাহত মানচেষ্টাৰ টেষ্টৰ সময়ত ইংলেণ্ডৰ ক্ৰীছ ৱ’কেছৰ বলত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে পণ্ট খেলপথাৰৰ বাহিৰত আছিল । বাংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এ বনাম দক্ষিণ আফ্ৰিকা এ অনানুষ্ঠানিক টেষ্ট শৃংখলাৰ সময়ত তেওঁ পুনৰ প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি আহে । প্ৰথমখন অনানুষ্ঠানিক টেষ্টত তেওঁ ৯০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয়খন টেষ্টত ১৭ ৰানত আঘাতপ্ৰাপ্ত হৈ ক্ৰীজ এৰাৰ পাছত পুনৰ উভতি ৬৫ ৰানৰ ইনিংছ খেলে । এই প্ৰদৰ্শনে তেওঁৰ ফৰ্ম আৰু ফিটনেছ দুয়োটাৰে শক্তিশালী ইংগিত দিয়ে ।

নেট অনুশীলনৰ সময়ত পণ্টে আত্মবিশ্বাসেৰে ফাষ্ট আৰু স্পীন দুয়োটাৰে মুখামুখি হয় । প্ৰায় এঘণ্টা ধৰি বেটিং কৰিছিল তেওঁ আৰু  ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজাৰ দৰে স্পীনাৰৰ বিৰুদ্ধে সুন্দৰ ষ্ট্ৰ’ক খেলিছিল । তেওঁ শ্লীপৰ ওপৰত ৰিভাৰ্ছ ৰেম্প, ফাইন লেগৰ ওপৰত স্কুপ, স্পীনাৰৰ বিৰুদ্ধে ইনছাইড-আউট ড্ৰাইভ আৰু ছুইপ শ্বট খেলিছিল । তেওঁৰ ফুটৱৰ্ক আৰু টাইমিং দুয়োটা অতি উত্তম দেখা গৈছিল ।

বেটিং কৰাৰ পূৰ্বে পণ্টে প্ৰায় ১৫ মিনিট উইকেটকিপিঙৰো অনুশীলন কৰিছিল । দলটোৰ এই পূৰ্ণাংগ অনুশীলনত যশস্বী জয়ছোৱাল, কে এল ৰাহুল আৰু ধ্ৰুৱ জুৰেলেও দীঘলীয়া নেট অধিবেশন কৰিছিল । জয়ছোৱাল আৰু ৰাহুলে পাল পাতি ফাষ্ট আৰু স্পীন বলাৰৰ সন্মুখীন হোৱাৰ বিপৰীতে জুৰেলে বিশেষজ্ঞ বেটছমেন হিচাপে নেটত নিজৰ কৌশলৰ কাম কৰিছিল । ঋষভ পন্টৰ ছন্দ আৰু আত্মবিশ্বাসৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত টিম ইণ্ডিয়াৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু ।

লগতে পঢ়ক : ভাৰতীয় দলৰ অংশ হ’বলৈ কৰিব লাগিব এই কাম! ৰোহিত-বিৰাটক বিচিচিআইৰ নিৰ্দেশ