দিল্লী বিস্ফোৰণক সন্ত্ৰাসবাদী আক্ৰমণ আখ্যা কেন্দ্ৰীয় চৰকাৰৰ
সোমবাৰে দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণক কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদী আক্ৰমণ বুলি শ্ৰেণীভুক্ত কৰিছে।
চৰকাৰে কয় যে এই ঘটনা এক জঘন্য অপৰাধ।ইয়াৰ লগতে কেবিনেটে ক্ষিপ্ৰ তদন্তৰো নিৰ্দেশ দিছে।
বুধবাৰে দিল্লী সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি কেন্দ্ৰীয় কেবিনেটে এক প্ৰস্তাৱ গৃহীত কৰাৰ লগতে নিহত লোক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়,য’ত কেন্দ্ৰীয় চৰকাৰে লালকিল্লাৰ ওচৰত হোৱা গাড়ী বিস্ফোৰণক সন্ত্ৰাসবাদী কাণ্ড বুলি অভিহিত কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেটৰ প্ৰস্তাৱ পাঠ কৰি কয়,”ৰাষ্ট্ৰবিৰোধী বাহিনীয়ে ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত গাড়ী বিস্ফোৰণ সংঘটিত কৰিছিল”।
“এয়া এক জঘন্য সন্ত্ৰাসবাদী ঘটনা।কেবিনেটে এই সন্ত্ৰাসবাদী আক্ৰমণৰ তাৎক্ষণিক আৰু পেছাদাৰী তদন্তৰ নিৰ্দেশ দিছে যাতে দোষী আৰু তেওঁলোকৰ সহযোগীসকলক চিনাক্ত কৰি কোনো পলম নকৰাকৈ কাঠগৰালৈ আনিব পৰা যায়।সন্ত্রাসবাদৰ সৈতে শূন্য সহনশীল নীতি গ্ৰহণ কৰিব কেন্দ্রই। ”
তেওঁ কয় যে, “ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিজন নাগৰিকৰ সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি সকলো ভাৰতীয়ৰ জীৱন আৰু মংগল সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ দৃঢ়তাক কেবিনেটে পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিছে।”
লগতে পঢ়ক: ভুটানৰ পৰা আহিয়েই দিল্লী বিস্ফোৰণত আহতৰ খবৰ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে









