পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ পৰা আহিল ভাল খবৰ; কি হয় RELOS

পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ পৰা আহিল ভাল খবৰ; কি হয় RELOS

ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ পৰা আহল এক ভাল খবৰ । এই বিশেষ চুক্তিত ৰাছিয়াৰ সংসদে দিলে অনুমোদন । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বৃহস্পতিবাৰ আৰু শুকুৰবাৰে (৪-৫ ডিচেম্বৰ, ২০২৫) দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ’ব । অৱশ্যে পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মঙলবাৰে ৰাছিয়াৰ সংসদে

ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ পৰা আহল এক ভাল খবৰ । এই বিশেষ চুক্তিত ৰাছিয়াৰ সংসদে দিলে অনুমোদন ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বৃহস্পতিবাৰ আৰু শুকুৰবাৰে (৪-৫ ডিচেম্বৰ, ২০২৫) দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ’ব । অৱশ্যে পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মঙলবাৰে ৰাছিয়াৰ সংসদে (ডুমা) ভাৰতৰ সৈতে এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনায় । এই প্ৰতিৰক্ষা চুক্তিৰ জৰিয়তে দুয়োখন দেশে ইখনে সিখনৰ ভূখণ্ডত যৌথ অনুশীলন, মানৱীয় সাহায্য, দুৰ্যোগ সাহায্যৰ বাবে সৈন্য আৰু সঁজুলি নিয়োগ কৰিব পাৰিব ।

ৰাছিয়া আৰু ভাৰতৰ মাজত ৰেচিপ্ৰ’কেল এক্সচেঞ্জ অৱ লজিষ্টিকছ চাপৰ্ট (RELOS) নামৰ এই চুক্তিখন চলিত বৰ্ষৰ আৰম্ভণিতে ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল আৰু যোৱা সপ্তাহত ৰাছিয়াৰ প্ৰধানমন্ত্ৰী মিখাইল মিছুষ্টিনে ৰাছিয়াৰ সংসদৰ নিম্ন সদন ডুমাত উত্থাপন কৰিছিল আৰু এতিয়া অনুমোদন লাভ কৰিছে ।

ভাৰত আৰু ৰাছিয়াৰ তিনিও সেনাৰ সামৰিক অনুশীলন “ইন্দ্ৰ”-

ভাৰত আৰু ৰাছিয়াৰ সেনাই “ইন্দ্ৰ” নামৰ যৌথ সামৰিক অনুশীলন কৰে । তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় সেনাবাহিনীৰ তিনিটা শাখা সেনা, বায়ুসেনা আৰু নৌসেনাৰ সৈতে যৌথ সামৰিক অনুশীলন চলোৱা বিশ্বৰ প্ৰথমখন দেশ হৈছে ৰাছিয়া । এই যুদ্ধাভ্যাসক “ইন্দ্ৰ” বুলিও কোৱা হয় ।

ভাৰতৰ সৈতে সম্পন্ন হোৱা এই প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত ডুমাৰ অধ্যক্ষ ব্যাচেছলাভ ভ’লডিনে সদনৰ পূৰ্ণাংগ অধিবেশনত কয় যে, “ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক কৌশলগত আৰু ব্যাপকভাৱে শক্তিশালী আৰু আমি তেওঁলোকক বিশেষ গুৰুত্ব দিওঁ । আমি বিশ্বাস কৰোঁ যে আজিৰ এই চুক্তিত অনুমোদন দিয়াটো দুয়োখন দেশৰ মাজত সহযোগিতা আৰু আমাৰ সম্পৰ্কৰ বিকাশৰ দিশত আন এক পদক্ষেপ ।”

লগতে পঢ়ক : তেওঁলোকৰ উদ্দেশ্য শান্তি নহয়… ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ক’লে পুটিনে

শেহতীয়া প্ৰৱন্ধসমূহ