পাকিস্তানৰ আঠা নিৰ্মাণ কাৰখানাত বিস্ফোৰণ; ১৫ জনৰ মৃত্যু

পাকিস্তানৰ আঠা প্ৰস্তুত কাৰখানাত বিস্ফোৰণ; ১৫ জনৰ মৃত্যু

পাকিস্তানৰ আঠা প্ৰস্তুত কাৰখানাত বিস্ফোৰণ পূব পাকিস্তানৰ এটা আঠা কাৰখানাত শুকুৰবাৰে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। জানিব পৰা মতে কাৰখানাটোৰ এটা বায়লাৰ বিস্ফোৰণত কমেও ১৫ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে, কাৰখানাৰ পৰিচালকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে কাৰখানাৰ মালিকক

পাকিস্তানৰ আঠা প্ৰস্তুত কাৰখানাত বিস্ফোৰণ

পূব পাকিস্তানৰ এটা আঠা কাৰখানাত শুকুৰবাৰে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। জানিব পৰা মতে কাৰখানাটোৰ এটা বায়লাৰ বিস্ফোৰণত কমেও ১৫ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন লোক আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, কাৰখানাৰ পৰিচালকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে কাৰখানাৰ মালিকক বিচাৰি ফুৰিছে,যি বিস্ফোৰণৰ লগে লগে পলায়ন কৰে।

পঞ্জাৱ প্ৰদেশৰ ফৈছালাবাদ চহৰৰ উদ্যোগিক কাৰখানাটোত বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

এই বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ ফলত কাৰখানাৰ ওচৰৰ ঘৰবোৰৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে দাউ দাউ কৈ জ্বলি উঠিল কাৰখানাটো। এই বৃহৎ ঘটনাই অঞ্চলটোত আতংক বিয়পাইছে।এই ঘটনাক লৈ তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: শক্তিশালী ভূমিকম্পত কঁপি উঠিল বাংলাদেশ; ৬ জনৰ মৃত্যু

শেহতীয়া প্ৰৱন্ধসমূহ