আই পি এল ২০২৬ : কেতিয়া আৰু ক’ত হ’ব নিলাম ?

আই পি এল ২০২৬ : কেতিয়া আৰু ক’ত হ’ব নিলাম ?

আই পি এল ২০২৬ আৰম্ভ হৈছে আই পি এল ২০২৬ সংস্কৰণৰ উৎকণ্ঠা । ২০২৫ বছৰটো সমাপ্ত হবলৈ মাজত মাত্ৰ এটা মাহ বাকী । এনে সময়তে আই পি এল ২০২৬ সংস্কৰণক লৈ চলিছে চিন্তা-চৰ্চা তথা উৎকণ্ঠা । আবুধাবিত অনুষ্ঠিত হ’ব পাৰে আই পি এল ২০২৬ৰ মিনি

আই পি এল ২০২৬

আৰম্ভ হৈছে আই পি এল ২০২৬ সংস্কৰণৰ উৎকণ্ঠা । ২০২৫ বছৰটো সমাপ্ত হবলৈ মাজত মাত্ৰ এটা মাহ বাকী । এনে সময়তে আই পি এল ২০২৬ সংস্কৰণক লৈ চলিছে চিন্তা-চৰ্চা তথা উৎকণ্ঠা ।

আবুধাবিত অনুষ্ঠিত হ’ব পাৰে আই পি এল ২০২৬ৰ মিনি নিলাম । ১৫-১৬ ডিচেম্বৰত বি চি চি আইয়ে এই নিলাম অনুষ্ঠিত কৰিব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল । এতিয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ডিচেম্বৰৰ তৃতীয় সপ্তাহত এই নিলাম অনুষ্ঠিত হ’ব পাৰে । এনে হ’লে তৃতীয়বাৰৰ বাবে বহিঃৰাষ্ট্ৰত অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম । যোৱা দুটা ছিজনৰ নিলাম জেদ্দা আৰু ডুবাইত অনুষ্ঠিত হৈছিল ।

জেদ্দা আৰু ডুবাইৰ পিছত এইবাৰ আবুধাবিত আই পি এলৰ নিলাম অনুষ্ঠিত হ’ব পাৰে । পূৰ্বৰ জল্পনা-কল্পনাত এই নিলাম ভাৰতত অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল যদিও শেহতীয়া আপডেটত এই নিলাম আবুধাবিত অনুষ্ঠিত হ’ব বুলি কোৱা হৈছে ।

ইফালে সকলো দলে ১৫ নৱেম্বৰৰ ভিতৰত নিজৰ ৰিটেনচন লিষ্ট দাখিল কৰিব লাগিব । আনহাতে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত বৃহৎ ব্যৱসায়ৰ খবৰ আহিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সঞ্জু চেমছনে চেন্নাই ছুপাৰ কিংছত যোগদান কৰিব পাৰে, আনহাতে ৰবীন্দ্ৰ জাডেজা আৰু ছেম কাৰানে তেওঁৰ ঠাইত ৰাজস্থান ৰয়েলছত যোগদান কৰিব পাৰে । ইফালে মহিলা প্ৰিমিয়াৰ লীগৰ বাবে অহা ২৭ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব এই নিলাম ।

উল্লেখ্য যে এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অনুষ্ঠিত হ’ব মিনি নিলাম । প্ৰতিটো দলে ১৫ জন খেলুৱৈক ধৰি ৰাখিব পাৰিব । নিলামত কিমানজন খেলুৱৈত বাজি লাগিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইফালে মহিলা প্ৰিমিয়াৰ লীগৰ পাঁচোটা দলে ৰিটেনচন লিষ্ট প্ৰকাশ কৰিছে । ডব্লিউ পি এলৰ দলসমূহে দীপ্তি শৰ্মা, ছফী এক্লেষ্টোন, এলিছা হিলী, হাৰ্লিন ডিঅ’ল, মেগ লেনিঙৰ দৰে বিশিষ্ট আৰু প্ৰবীণ খেলুৱৈক মুকলি কৰি দিছে ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত… কেতিয়া হ’ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ?