এংগোলাত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু; এই বিষয়সমূহত হ’ব চৰ্চা

এংগোলাত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু; এই বিষয়সমূহত হ’ব চৰ্চা

এংগোলাত উপস্থিত দ্ৰৌপদী মুৰ্মু এংগোলা ভ্ৰমণৰ অংশ হিচাপে শনিবাৰে নিশা লুয়াণ্ডাত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । উপস্থিত হোৱাৰ পিছতে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত বিপুল আদৰণি জনোৱা হয় । এই আফ্ৰিকান দেশখনলৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ । ৰাষ্ট্ৰপতি ভৱনৰ মতে, এই ঐতিহাসিক ভ্ৰমণে আফ্ৰিকা আৰু

এংগোলাত উপস্থিত দ্ৰৌপদী মুৰ্মু

এংগোলা ভ্ৰমণৰ অংশ হিচাপে শনিবাৰে নিশা লুয়াণ্ডাত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । উপস্থিত হোৱাৰ পিছতে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত বিপুল আদৰণি জনোৱা হয় । এই আফ্ৰিকান দেশখনলৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ । ৰাষ্ট্ৰপতি ভৱনৰ মতে, এই ঐতিহাসিক ভ্ৰমণে আফ্ৰিকা আৰু বিশ্ব দক্ষিণৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে । ৰাষ্ট্ৰপতি মুৰ্মু এংগোলাৰ সমকক্ষ জোয়াও ল’ৰেঞ্চোৰ আমন্ত্ৰণত ১১ নৱেম্বৰলৈকে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত দেশখনত থাকিব ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণ সন্দৰ্ভত এক বিশেষ সংবাদমেলত বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ৰ অর্থনৈতিক সম্পর্ক সচিব সুধাকৰ ডালেলাই কয় যে এই ভ্রমণে গ্ল’বেল চাউথৰ দেশ বিশেষকৈ আফ্রিকাৰ সৈতে ৰাজনৈতিক, অর্থনৈতিক, উন্নয়নমূলক আৰু সাংস্কৃতিক মাত্ৰাত অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত ভাৰতৰ ক্রমাৎ গুৰুত্ব প্রতিফলিত কৰিছে ৷

তেওঁ আৰু কয় যে এই ভ্ৰমণত প্ৰজেক্ট চিতাৰ অংশ হিচাপে বটছৱানাৰ পৰা চিতা স্থানান্তৰিত কৰাৰ বিষয়েও আলোচনা কৰা হৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এংগোলাত থকা সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ এংগোলাৰ সমকক্ষৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে ১১ নৱেম্বৰত এংগোলাৰ স্বাধীনতাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব । লগতে তেওঁ এংগোলাৰ সংসদত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ কথা আছে ।

ইফালে, ১১ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ ৰাষ্ট্ৰপতি ডুমা গিডিয়ান বকোৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বটছৱানা ভ্ৰমণ কৰিব ।

লগতে পঢ়ক : অহায়ো’ৰ গৱৰ্ণৰৰ বাবে বিবেক ৰামাস্বামীক সমৰ্থন ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ