বিকি কৌশলে দিলে ভাল খবৰ; পুত্ৰ সন্তানৰ মাতৃ হ’ল কেটৰিনা কাঈফ

বিকি কৌশলে দিলে ভাল খবৰ; পুত্ৰ সন্তানৰ মাতৃ হ’ল কেটৰিনা কাঈফ

পুত্ৰ সন্তানৰ মাতৃ হ’ল কেটৰিনা কাঈফ বলীউডৰ অন্যতম চৰ্চিত দম্পতী কেটৰিনা কাঈফ আৰু বিকি কৌশলে দিলে এক ডাঙৰ ভাল খবৰ।দুয়োৰে ঘৰত শিশুৰ কলকলনি বিৰাজ কৰিছে আৰু তেওঁলোক এতিয়া পিতৃ-মাতৃ হ’ল। তেওঁলোকে নিজৰ জীৱনৰ নতুন আৰম্ভণিৰ তথ্য ছ’চিয়েল মিডিয়াত পোষ্টৰ জৰিয়তে অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ সৈতে ভাগ-বতৰা

পুত্ৰ সন্তানৰ মাতৃ হ’ল কেটৰিনা কাঈফ

বলীউডৰ অন্যতম চৰ্চিত দম্পতী কেটৰিনা কাঈফ আৰু বিকি কৌশলে দিলে এক ডাঙৰ ভাল খবৰ।দুয়োৰে ঘৰত শিশুৰ কলকলনি বিৰাজ কৰিছে আৰু তেওঁলোক এতিয়া পিতৃ-মাতৃ হ’ল।

তেওঁলোকে নিজৰ জীৱনৰ নতুন আৰম্ভণিৰ তথ্য ছ’চিয়েল মিডিয়াত পোষ্টৰ জৰিয়তে অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ সৈতে ভাগ-বতৰা কৰিছে।

এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, তেওঁলোকৰ অনুৰাগী সকলে দম্পতীহালক অভিনন্দন জনায়।দুয়োজনে কেইদিনমান পূৰ্বে কেটৰিনাৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।

কেটৰিনা কাঈফ আৰু বিকি কৌশলে এটা কলাব পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে তেওঁলোক এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছে।দুয়োজনে এই পোষ্টটোৰ কেপচনত লিখিছে ‘ধন্যবাদ’।

তেওঁলোকে লিখিছে যে, ‘আমাৰ আনন্দৰ বাণ্ডিলটো আহি পালেহি।বহুত মৰম আৰু কৃতজ্ঞতাৰে আমি আমাৰ শিশুটিক এই পৃথিৱীলৈ আদৰণি জনাইছো।৭ নৱেম্বৰ ২০২৫, কেটৰিনা আৰু ভিকি।’

লগতে পঢ়ক: KGF খ্যাত হৰিশ ৰায়ৰ মৃত্যু; কৰ্কট ৰোগৰ সৈতে আছিল যুঁজি

শেহতীয়া প্ৰৱন্ধসমূহ