জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যা আছিল
জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। সমগ্ৰ অসমবাসীয়ে হিয়াৰ আমঠু গৰাকীৰ লগত ছিংগাপুৰত কি হৈছিল সেই কথা জানিব বিচাৰি আছে।
তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়। ছিংগাপুৰত জুবিনক হত্যা কৰা হৈছিল’।
জামুগুৰিহাটত চাৰ্জশ্বীট দাখিলৰ সময়ক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে এক নতুন ঘোষণা কৰিছে। তেওঁ কয়, ‘‘জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি ১৭ ডিচেম্বৰৰ আগতে দিব লাগে”।
“মই টাৰ্গেট দিছোঁ ৮ তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে।চৰকাৰ সকলো ফালৰ পৰা প্ৰস্তুত হৈ আছো। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বীট দিয়াৰ আগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এটা অনুমোদন লাগে”।
“দেওবাৰে মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ।’’
তেওঁ লগতে কয় যে, ‘‘মই ভাবো যে অহা তিনি-চাৰিদিনৰ ভিতৰতে SITয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ লিখিব। অনুমোদন আমি পাই যাম। লগে লগে আমি ৭, ৮ বা ৯ তাৰিখৰ ভিতৰত চাৰ্জশ্বীট দি দিম।’’
লগতে পঢ়ক: ‘জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিঞাৰ ৰক্ষা নাই’; মুখ্যমন্ত্ৰী









