SIRক লৈ কি ক’লে মুখ্য নিৰ্বাচন আয়ুক্তই
সোমবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ তথা SIRৰ দ্বিতীয় পৰ্যায় হ’ব বুলি ঘোষণা কৰে । একে সময়ত অসমত SIR প্ৰক্ৰিয়া আৰম্ভ নহয় বুলিও মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় ।
জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে অসমৰ নাগৰিকত্ব আইন অলপ বেলেগ, গতিকে ইয়াত এছ আই আৰ প্ৰক্ৰিয়া বেলেগ ধৰণেৰে পৰিচালিত হ’ব । মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে অসমত নাগৰিকত্ব সন্দৰ্ভত বিভিন্ন আইন আছে আৰু তাত এন আৰ চি প্ৰযোজ্য । অসমত SIR স্থগিত ৰখাৰ কাৰণো এইটোৱেই । অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে অলপ বেলেগ প্ৰক্ৰিয়াৰ প্ৰয়োজন হ’ব । সেয়েহে এই প্ৰক্ৰিয়া পৃথকে চলোৱা হ’ব ।
তেওঁ কয় যে চলি থকা SIR স্বাধীনতাৰ পিছত এনে নৱমটো অনুশীলন । শেষবাৰৰ বাবে এনে প্ৰচেষ্টা ২০০২-০৪ চনত হৈছিল । চি ই চি জ্ঞানেশ কুমাৰে কয় যে বিহাৰত প্ৰথম পৰ্যায়ৰ এছ আই আৰ শূন্য আবেদনেৰে সম্পূৰ্ণ হৈছে । সংবাদমেলত কুমাৰে কয় যে, “দ্বিতীয় পৰ্যায় ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ’ব । এছ আই আৰে এয়া সুনিশ্চিত কৰিব যাতে কোনো যোগ্য ভোটাৰ বাদ নপৰে আৰু কোনো অযোগ্য ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহয় ।”
লগতে পঢ়ক : নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা… কাইলৈৰ পৰাই এই কেইখন ৰাজ্যত আৰম্ভ হ’ব SIR









