‘গ্ৰে লিষ্টৰ বাহিৰত থকাৰ অৰ্থ সন্ত্ৰাসবাদক পুঁজিৰ পৰা ৰেহাই দিয়া নহয়’; শ্বাহবাজ-মুনিৰক সতৰ্কবাণী FATF ৰ

শ্বাহবাজ-মুনিৰক সতৰ্কবাণী FATF ৰ ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চে পাকিস্তানক সকীয়াই দিছে যে, ২০২২ চনৰ অক্টোবৰত তেওঁলোকক গ্ৰে তালিকাৰ পৰা আঁতৰাই দিয়া হয়,ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়া সন্ত্ৰাসবাদীক ধন পুঁজি আৰু ধন সৰবৰাহৰ কৰিবলৈ অনুমতি দিয়া হৈছে।FATF এ স্পষ্টকৈ কৈছিল যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰন্তৰ নিৰীক্ষণ

শ্বাহবাজ-মুনিৰক সতৰ্কবাণী FATF ৰ

ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চে পাকিস্তানক সকীয়াই দিছে যে, ২০২২ চনৰ অক্টোবৰত তেওঁলোকক গ্ৰে তালিকাৰ পৰা আঁতৰাই দিয়া হয়,ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়া সন্ত্ৰাসবাদীক ধন পুঁজি আৰু ধন সৰবৰাহৰ কৰিবলৈ অনুমতি দিয়া হৈছে।FATF এ স্পষ্টকৈ কৈছিল যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰন্তৰ নিৰীক্ষণ অব্যাহত থাকিব।

শেহতীয়াকৈ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে ই-ৱালেটৰ জৰিয়তে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে।

জানিব পৰা মতে,ইজিপাইছা আৰু সদাপেৰ দৰে ডিজিটেল ৱালেট ব্যৱহাৰ কৰিছিল মাছুদ আজহাৰ আৰু তেওঁৰ পৰিয়ালৰ একাউণ্টত ধন জমা কৰিবলৈ এই কাম কৰা হৈছে।

FATF ৰ মতে, সন্ত্ৰাসবাদীয়ে এতিয়া পৰিয়ালৰ সদস্যৰ সহায় লয়।তেওঁলোকে মহিলাৰ নামত একাউণ্ট সৃষ্টি কৰে যাতে এটা একাউণ্টত বেছি ধন জমা নহয় আৰু বৃহৎ পৰিমাণৰ ধন ক্ৰমান্বয়ে সংগ্ৰহ কৰি সন্ত্ৰাসবাদীৰ বাবে নতুন শিবিৰ নিৰ্মাণ কৰিব পাৰি।

এফ এ টি এফে সকীয়াই দিছে যে সন্ত্ৰাসবাদী সংগঠনসমূহে প্ৰায়ে ধৰ্মীয় বা শিক্ষানুষ্ঠানৰ ৰূপ লৈ ধন সংগ্ৰহ কৰে। ইয়াৰ উদ্দেশ্য হ’ল তেওঁলোকে নিৰীক্ষণ নকৰাকৈয়ে নিজৰ কাম-কাজ অব্যাহত ৰাখিব পাৰে।

এফ এ টি এফৰ সভানেত্ৰী এলিছা ডি আণ্ডা মাদ্ৰাজোৱে কয় যে, ইয়াৰ পূৰ্বেও বহু বাতৰিত সন্ত্ৰাসবাদীয়ে ই-ৱালেট ব্যৱহাৰ কৰা বুলি খবৰ ওলাইছিল।

তেওঁ কয় যে, ‘গ্ৰে তালিকাৰ পৰা পাকিস্তানক আঁতৰোৱাৰ পিছতো ইয়াৰ কাৰ্যকলাপ নিৰীক্ষণ কৰা হৈছে। পাকিস্তান এফ এ টি এফ ৰ প্ৰত্যক্ষ সদস্য নহয়, কিন্তু এছিয়া-পেচিফিক গ্ৰুপৰ সদস্য, গতিকে তাৰ জৰিয়তেহে ফ’ল’-আপ কৰা হয়।”

লগতে পঢ়ক: কাবুলৰ ভাৰতৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা

শেহতীয়া প্ৰৱন্ধসমূহ