সকলোবোৰ পৰ্দাৰ আঁৰত বিচাৰিছিল ! জানক কি আছিল গোবৰ্ধন আছৰানিৰ শেষ ইচ্ছা ?

অভিনেতা গোবৰ্ধন আছৰানিৰ শেষ ইচ্ছা ২০ অক্টোবৰ সোমবাৰে সন্ধিয়া প্ৰবীণ অভিনেতা গোবৰ্ধন আছৰানিয়ে শেষ নিশ্বাস ত্যাগ কৰে । ৮৪ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে যশস্বী অভিনেতাগৰাকীয়ে । । স্বাস্থ্যজনিত সমস্যাৰ বাবে প্ৰায় পাঁচ দিন পূৰ্বে মুম্বাইৰ জুহুৰ আৰোগ্য নিধি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁক

অভিনেতা গোবৰ্ধন আছৰানিৰ শেষ ইচ্ছা

২০ অক্টোবৰ সোমবাৰে সন্ধিয়া প্ৰবীণ অভিনেতা গোবৰ্ধন আছৰানিয়ে শেষ নিশ্বাস ত্যাগ কৰে । ৮৪ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে যশস্বী অভিনেতাগৰাকীয়ে । । স্বাস্থ্যজনিত সমস্যাৰ বাবে প্ৰায় পাঁচ দিন পূৰ্বে মুম্বাইৰ জুহুৰ আৰোগ্য নিধি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁক ।

সোমবাৰে সন্ধিয়া ছান্টাক্ৰুজ শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । কেৱল পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলেহে অংশগ্ৰহণ কৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত । দীপাৱলীৰ নিশাৰ এই মৰ্মান্তিক খবৰে তেওঁৰ অনুৰাগী তথা চলচ্চিত্ৰ জগতক শোকাহত কৰি তুলিছে ।

আছৰানিৰ শেষ ইচ্ছা-

মৃত্যুৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আছৰানিয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছিল । যোৱা কিছুদিন তেওঁৰ স্বাস্থ্যৰ বিষয়ে ভুৱা উৰাবাতৰি প্ৰচাৰিত হৈছিল, যাৰ বাবে বহুতে প্ৰথম অৱস্থাত তেওঁৰ মৃত্যুৰ খবৰ ভুৱা বুলি বুলি বিশ্বাস কৰিছিল । কিন্তু অনুৰাগীসকলে যেতিয়া তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টট চাই কৰিলে, তেতিয়া তেওঁলোকে এই কঠিন সত্য জানিব পাৰে ।

প্ৰবীণ অভিনেতাগৰাকীৰ পৰিয়ালৰ মতে গোবৰ্ধন আছৰানিয়ে সদায় এক সহজ আৰু শান্তিপূৰ্ণ বিদায় বিচাৰিছিল । তেওঁ পত্নী মঞ্জুক কৈছিল যে তেওঁৰ মৃত্যুৰ পিছত কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান বা সংবাদ মাধ্যমৰ ভিৰ হ’ব নালাগে ।

এই বাবই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া অতি ব্যক্তিগতভাৱে ৰখা হৈছিল । আছৰানিৰ পৰিয়ালে তেওঁ বিচৰা ধৰণে তেওঁক শেষ বিদায় দিয়ে । শেষকৃত্য সম্পন্ন হোৱাৰ পিছতহে বলিষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ ৰাজহুৱা হৈছিল ।

উল্লেখ্য যে, হিন্দী চিনেমাৰ অন্যতম জনপ্ৰিয় কৌতুক অভিনেতা আছিল আছৰানি । ৫০ বছৰতকৈয়ো অধিক সময়ৰ কেৰিয়াৰত তেওঁ ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল । পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া (এফ টি আই আই)ত অধ্যয়ন কৰি ১৯৬০ চনৰ মাজভাগত তেওঁ চলচ্চিত্ৰত জগতত প্ৰৱেশ কৰিছিল তেওঁ । বলীউডৰ বহু চলচ্চিত্ৰত তেওঁ বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰি দৰ্শকক মুগ্ধ কৰিছিল । প্ৰখ্যাত পৰিচালক ৰমেশ চিপ্পিৰ চলচ্চিত্ৰ ‘শ্বোলে’ত কৰা জেইলাৰৰ চৰিত্ৰৰ বাবে তেওঁ বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল ।

লগতে পঢ়ক : দীপাৱলীৰ দিনটোতে জীৱন নাট সামৰিলে প্ৰখ্যাত বলীউড অভিনেতা গোবৰ্দ্ধন আছৰানিয়ে

শেহতীয়া প্ৰৱন্ধসমূহ