দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু; একিউআইয়ে অতিক্ৰম কৰিলে ৩০০

দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু দীপাৱলীৰ এদিন পূৰ্বেই দিল্লী-এনচিআৰৰ জলবায়ু বিষাক্ত হৈ পৰিছে। বিষাক্ত জলবায়ুত দিল্লীবাসীয়ে উশাহ লোৱাটো কঠিন হৈ পৰিছে। দিল্লীৰ বায়ু অতি বেয়া শ্ৰেণীত উপনীত হৈছে।প্ৰদূষণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি GRAP ২ পৰ্যায় কাৰ্যকৰী কৰা হৈছে। দীপাৱলীৰ মাত্ৰ এদিন পূৰ্বে দেওবাৰে দিল্লী-এনচিআৰৰ বায়ুৰ

দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু

দীপাৱলীৰ এদিন পূৰ্বেই দিল্লী-এনচিআৰৰ জলবায়ু বিষাক্ত হৈ পৰিছে। বিষাক্ত জলবায়ুত দিল্লীবাসীয়ে উশাহ লোৱাটো কঠিন হৈ পৰিছে।

দিল্লীৰ বায়ু অতি বেয়া শ্ৰেণীত উপনীত হৈছে।প্ৰদূষণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি GRAP ২ পৰ্যায় কাৰ্যকৰী কৰা হৈছে।

দীপাৱলীৰ মাত্ৰ এদিন পূৰ্বে দেওবাৰে দিল্লী-এনচিআৰৰ বায়ুৰ গুণাগুণে ‘অতি দুৰ্বল’ শিতানত উপনীত হয়।দিল্লীৰ বহু অঞ্চলত একিউআইয়ে ৩০০ অতিক্ৰম কৰিছে।

ইয়াৰ বাবে ষ্টেজ-২ৰ অধীনত GRAP (Graded Response Action Plan) ৰ সকলো নিয়ম তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে।

তথ্য অনুসৰি দিল্লীৰ AQI (Air Quality Index) ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।আজি সন্ধিয়া ৪ বজাত ২৯৬ আৰু সন্ধিয়া ৭ বজাত ৩০২ নম্বৰ লাভ কৰা একিউআইৰ ৰেকৰ্ড ‘অতি বেয়া’ শ্ৰেণীত পৰে।

বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগৰ নিৰ্দেশত কোৱা হৈছে, “দিল্লীৰ AQI ৰাতিপুৱাৰ পৰা বৃদ্ধি পাইছে আৰু সন্ধিয়া ৪ বজাত ২৯৬ আৰু সন্ধিয়া ৭ বজাত ৩০২ বজাত ৰেকৰ্ড কৰা হয়।আইএমডি/আইআইটিএমৰ পূৰ্বাভাসেও আগন্তুক দিনত একিউআইৰ অধিক অৱনতি ঘটাৰ ভৱিষ্যদ্বাণী কৰিছে।”

লগতে পঢ়ক: ২৬ লাখ চাকিৰে সজাই তোলা হ’ল অযোধ্যা; গঢ়িলে বিশ্ব অভিলেখ