আমেৰিকাৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ ৰাজপথলৈ ওলাই আহিছে লাখ লাখ লোক। আমেৰিকাৰ ইতিহাসৰ এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰতিবাদ।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এতিয়ালৈকে সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমেৰিকাৰ জনসাধাৰণে ৰাজপথত সমদল উলিয়াইছে।
এই সময়ছোৱাত আমেৰিকাৰ ২৭০০ স্থানত ৭০ লাখৰো অধিক লোকে ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে,বিশেষকৈ তেওঁৰ ট্ৰান্সজেন্দাৰ বিৰোধী বক্তব্য আৰু অন্যান্য বিতৰ্কিত সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।
ট্ৰাম্পৰ বিৰুদ্ধে ৰাইজৰ মাজত বিপুল ক্ষোভ দেকিবলৈ পোৱা গৈছে।এই বৃহৎ প্ৰতিবাদত বিভিন্ন সামাজিক, ৰাজনৈতিক আৰু নাগৰিক গোটে অংশগ্ৰহণ কৰে।
মহিলাৰ অধিকাৰৰ বাবে কাম কৰা সংগঠনৰ পৰা আৰম্ভ কৰি পৰিৱেশ কৰ্মী আৰু ট্ৰাম্প প্ৰশাসনৰ নীতিৰ বিৰোধীও অন্তৰ্ভূক্ত আছিল।
প্ৰতিবাদকাৰীসকলে ট্ৰাম্পৰ শাসনক সমালোচনা কৰি ‘ এতিয়া আৰু নহয়’ আৰু ‘আমাক পৰিৱৰ্তনৰ প্ৰয়োজন’ আদি শ্লোগান উত্থাপন কৰে।
এই বিৰোধ প্ৰতিবাদৰ আহ্বান ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা অসন্তুষ্টি আৰু তেওঁলোকৰ দ্বাৰা লোৱা সিদ্ধান্তৰ প্ৰতিবাদত কৰা হৈছিল।
এই প্ৰতিবাদ ট্ৰাম্পৰ বিভিন্ন নীতিৰ বিৰুদ্ধে কৰা হৈছে।ইয়াৰ ভিতৰত বিশেষকৈ ট্ৰান্সজেন্দাৰৰ অধিকাৰৰ বিৰুদ্ধে তেওঁৰ কাৰ্য্য আৰু তেওঁৰ কাৰ্যকালত গ্ৰহণ কৰা অন্যান্য বিতৰ্কিত কাৰ্যকলাপে সমগ্ৰ দেশতে গভীৰ প্ৰতিবাদৰ সূচনা কৰিছে।
লগতে পঢ়ক: ‘নো কিংছ’ : ৱাশ্বিংটনৰ পৰা লণ্ডনলৈ ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে হাজাৰ হাজাৰ লোক









