ঘোষণা কৰা হ’ল JEE Main 2026 পৰীক্ষাৰ তাৰিখ; কেতিয়াৰে পৰা হ’ব আৰম্ভ

ঘোষণা কৰা হ’ল JEE Main 2026 পৰীক্ষাৰ তাৰিখ নেশ্যনেল টেষ্টিং এজেন্সী অৰ্থাৎ এন টি এৰ আছে এ JEE Main 2026 ৰ আংশিক পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে।JEE Main 2026 session 1 আৰু session 2 পৰীক্ষাৰ তাৰিখ (আংশিক পৰীক্ষাৰ তাৰিখ) অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে

ঘোষণা কৰা হ’ল JEE Main 2026 পৰীক্ষাৰ তাৰিখ

নেশ্যনেল টেষ্টিং এজেন্সী অৰ্থাৎ এন টি এৰ আছে এ JEE Main 2026 ৰ আংশিক পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে।JEE Main 2026 session 1 আৰু session 2 পৰীক্ষাৰ তাৰিখ (আংশিক পৰীক্ষাৰ তাৰিখ) অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ সময়সূচী চাব পাৰিব।

প্ৰকাশ কৰা সূচী অনুসৰি,জেইই মেইন ২০২৬ Session 1 অৰ্থাৎ জানুৱাৰীৰ সেশনৰ পৰীক্ষা (আংশিক পৰীক্ষাৰ তাৰিখ) ২১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব।

যিহেতু, সেশন ২ অৰ্থাৎ এপ্ৰিল সেচনৰ পৰীক্ষা (আংশিক পৰীক্ষাৰ তাৰিখ) ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হ’ব।

প্ৰকাশ কৰা চৰকাৰী তথ্যত পঞ্জীয়ন প্ৰক্ৰিয়াৰ বিষয়েও বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে জেইই মেইন ২০২৬ অধিবেশন ১ (জানুৱাৰী অধিবেশন)ৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া চলিত বৰ্ষৰ অক্টোবৰৰ পিছত আৰম্ভ হ’ব।যিহেতু, সেশন ২ (এপ্ৰিল অধিবেশন)ৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ২০২৬ চনৰ জানুৱাৰী মাহৰ শেষ সপ্তাহৰ পৰা আৰম্ভ হ’ব।

লগতে পঢ়ক: দিল্লী বিশ্ববিদ্যালয়ত অঘটন; অধ্যক্ষকক প্ৰচণ্ড চৰ ABVP ৰ দীপিকা ঝাৰ

শেহতীয়া প্ৰৱন্ধসমূহ