SITৰ জেৰাত মুখ খুলিছে শেখৰ-সিদ্ধাৰ্থই
SITৰ জেৰাত মুখ খুলিছে দগাবাজ শেখৰ আৰু সিদ্ধাৰ্থই। SIT ক জনোৱা মতে দুই কালপ্ৰীটে জুবিন গাৰ্গক লৈ পৰিকল্পিতভাৱে চলাই আছিল চক্ৰান্ত।
ঘনিষ্ঠ কোনোৱে উমান পালেই তেওঁলোকক জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰাই দিছিল শেখৰ-সিদ্ধাৰ্থই। জুবিন গাৰ্গৰ অনিচ্ছাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।
ইমানে নহয় খাৰঘূলিৰ ঘৰ নির্মাণতো সিদ্ধাৰ্থই কৰিছিল ব্যাপক খেলিমেলি। জুবিন গাৰ্গক সম্পূৰ্ণভাৱে টকা ঘটাৰ মেচিনৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থই।
সিদ্ধাৰ্থ শৰ্মাৰ এই চক্ৰান্তত সহযোগ কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। বিগত ২ বছৰৰ পৰা ক্ৰমান্বয়ে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থৰ মাজত মনোমালিন্য বৃদ্ধি হৈছিল।
গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে বহুবাৰ জুবিন গাৰ্গৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধাৰ্থ। সেই মনোমালিন্যৰ কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই। SITৰ জেৰাত এটা এটাকৈ স্বীকাৰোক্তি দুই অভিযুক্তৰ।
লগতে পঢ়ক: নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ; কান্দি কান্দি অসমবাসীলৈ কৰিলে আহ্বান









