ঘোষণা হ’ল ADREৰ ফলাফল
অৱশেষত ঘোষণা কৰা হ’ল ADREৰ তৃতীয় বৰ্গৰ ফলাফল। পুৱা ১০.৩০ বজাৰ লগে লগে www.slprbassam.in ৱেবছাইটত উপলভ্য হ’ল পৰীক্ষাৰ ফলাফল।
তৃতীয় বৰ্গৰ পদৰ ৭,৬০০টা পদৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে।ৰাজ্যৰ ২৮ খন জিলাৰ ২৩,৮৫,৪২১ গৰাকী প্ৰাৰ্থীয়ে কৰিছিল আবেদন। ইয়াৰে ১৭,৩১,৬১৬ গৰাকী প্ৰাৰ্থী লিখিত পৰীক্ষাত অৱৰ্তীণ হয়।
লিখিত আৰু স্কীল টেষ্টৰ নম্বৰৰ ভিত্তিত ৭,৬৫০ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে।ৰাজ্যৰ ৫০ টা বিভাগত সুকীয়া সুকীয়াকৈ সম্পন্ন হ’ব নিযুক্তি। সৰ্বাধিক ১৮৫০ টা পদ আছে কৃষি বিভাগত।
লগতে পঢ়ক: আজি ঘোষণা কৰা হ’ব ADRE তৃতীয় বৰ্গৰ ফলাফল…









