ফিলিপাইনছ

৭.৪ প্ৰাব্যলত কঁপি উঠিল ফিলিপাইনছৰ ভূমি…

৭.৪ প্ৰাব্যলত কঁপি উঠিল ফিলিপাইনছৰ ভূমি… ৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল ফিলিপাইনছৰ মিন্দানাও অঞ্চল। এই ভূমিকম্পৰ পিছত কৰ্তৃপক্ষই চুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ লগতে আফটাৰশ্বকৰ সম্ভাৱনাও প্ৰকাশ কৰিছে। ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (EMSC)ৰ মতে, ভূমিকম্পৰ গভীৰতা ভূপৃষ্ঠৰ পৰা ৬২ কিলোমিটাৰ (৩৮.৫৩ মাইল)আছিল। উপকূলীয় অঞ্চলত বসবাস কৰা লোকসকলক

৭.৪ প্ৰাব্যলত কঁপি উঠিল ফিলিপাইনছৰ ভূমি…

৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল ফিলিপাইনছৰ মিন্দানাও অঞ্চল। এই ভূমিকম্পৰ পিছত কৰ্তৃপক্ষই চুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ লগতে আফটাৰশ্বকৰ সম্ভাৱনাও প্ৰকাশ কৰিছে।

ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (EMSC)ৰ মতে, ভূমিকম্পৰ গভীৰতা ভূপৃষ্ঠৰ পৰা ৬২ কিলোমিটাৰ (৩৮.৫৩ মাইল)আছিল।

উপকূলীয় অঞ্চলত বসবাস কৰা লোকসকলক স্থানীয় প্ৰশাসনে উচ্চ স্থানলৈ যাবলৈ পৰামৰ্শ দিছে। জৰুৰীকালীন সেৱা সষ্টম হৈ থকাৰ লগতে নাগৰিকসকলক চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে।

ফিলিপাইনছ ইনষ্টিটিউট অৱ ভলকেন’লজী এণ্ড ছিজম’লজি (ফিভলক্স)-এ এই কথা প্ৰকাশ কৰিছে যে,প্ৰথম চুনামীৰ ঢৌ ১০ অক্টোবৰৰ পুৱা ০৯:৪৩:৫৪ৰ পৰা ১১:৪৩:৫৪ (PST)ৰ ভিতৰত আহিব পাৰে আৰু এই ঢৌবোৰ কেইবা ঘণ্টা ধৰি চলি থাকিব পাৰে।

লগতে পঢ়ক: তিব্বতত মাউন্ট এভাৰেষ্টত প্ৰচণ্ড তুষাৰপাত; আৱদ্ধ এহেজাৰ পৰ্বতাৰোহী