ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ পদত্যাগ

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ পদত্যাগ

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ পদত্যাগ সোমবাৰে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৱে পদত্যাগ কৰে । কাৰ্যকালৰ এমাহ সম্পূৰ্ণ নহওতেই পদৰ পৰা পদত্যাগ কৰে লেকৰ্ণুৱে । ইয়াৰ লগে লগে তেওঁ ১৯৫৮ চনৰ পিছত ফ্ৰান্সৰ আটাইতকৈ কম সময়ৰ বাবে কাৰ্যকালত থকা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । ইফালে নিযুক্তিৰ মাত্ৰ

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ পদত্যাগ

সোমবাৰে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৱে পদত্যাগ কৰে । কাৰ্যকালৰ এমাহ সম্পূৰ্ণ নহওতেই পদৰ পৰা পদত্যাগ কৰে লেকৰ্ণুৱে । ইয়াৰ লগে লগে তেওঁ ১৯৫৮ চনৰ পিছত ফ্ৰান্সৰ আটাইতকৈ কম সময়ৰ বাবে কাৰ্যকালত থকা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ।

ইফালে নিযুক্তিৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগে ৰাষ্ট্ৰখনৰ ৰাজনীতিত গভীৰ সংকটৰ ইংগিত দিছে । ৯ ছেপ্টেম্বৰত লেকৰ্ণুক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । মন্ত্ৰীসভা ঘোষণাৰ ঠিক পিছতেই লেকৰ্ণুৱে নিজৰ দল আৰু বিৰোধী শিবিৰৰ সমালোচনাৰ সন্মুখীন হৈছিল । দৰাচলতে লেকৰ্ণুৰ মন্ত্ৰীসভাৰ ১৮টা নামৰ ভিতৰত ১২টা নাম আছিল পূৰ্বৰ চৰকাৰৰ অংশ হোৱা নেতাৰ, তাৰ পিছত লেকৰ্ণুৰ সমালোচনা আৰম্ভ হৈছিল । মঙলবাৰে লেকৰ্ণুৱে নিজৰ চৰকাৰৰ ৰোডমেপ দাখিল কৰিবলৈ ৰাষ্ট্ৰীয় সংসদত ভাষণ দিয়াৰ কথা আছিল যদিও তাৰ পূৰ্বে তেওঁ পদত্যাগ কৰে ।

লেকৰ্ণুৰ পদত্যাগে ফ্ৰান্সৰ ৰাজনৈতিক সংকট গভীৰ কৰাৰ লগতে ৰাষ্ট্ৰপতি মেক্ৰনৰ ওপৰতো হেঁচা বৃদ্ধি কৰিছে । মেক্ৰনে এতিয়ালৈকে তিনিখন ব্যৰ্থ চৰকাৰৰ নেতৃত্ব দিছে । ফ্ৰান্সৰ ক্ৰমবৰ্ধমান ঘাটি হ্ৰাস কৰিবলৈ সংসদত সুষম বাজেট গৃহীত কৰাৰ ৰাজনৈতিকভাৱে প্ৰত্যাহ্বানজনক কাম লেকৰ্ণুক দিয়া হৈছিল । ২০২৪ চনত ফ্ৰান্সৰ ঘাটি আছিল জিডিপিৰ ৫.৮% আৰু ঋণ ১১৩% । এয়া ইউৰোপীয় সংঘৰ নিয়মতকৈ বহু বেছি, যিয়ে ঘাটি ৩ শতাংশলৈ সীমিত ৰাখে ।

লগতে পঢ়ক : ‘ভাৰত ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু’; প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ