বন্ধ হৈ পৰিল ইণ্টাৰনেট

বন্ধ হৈ পৰিল ইণ্টাৰনেট; নৈতিকতাৰ নামত তালিবানৰ কঠোৰ নিয়ন্ত্ৰণ

বন্ধ হৈ পৰিল ইণ্টাৰনেট আফগানিস্তানত বিচ্ছিন্ন হৈ পৰিছে ইন্টাৰনেট সংযোগ । স্থানীয় সংবাদ মাধ্যমে অনৈতিকতাৰ বিৰুদ্ধে তালিবানৰ অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশতে ফাইবাৰ অপটিক সেৱাৰ সম্ভাৱ্য কৰ্তনৰ বাতৰি প্ৰকাশ কৰিছে । ২০২১ চনৰ আগষ্ট মাহত তালিবান ক্ষমতালৈ অহাৰ পিছত আফগানিস্তানত এইটোৱেই প্ৰথম এনে ব্লেক আউট

বন্ধ হৈ পৰিল ইণ্টাৰনেট

আফগানিস্তানত বিচ্ছিন্ন হৈ পৰিছে ইন্টাৰনেট সংযোগ । স্থানীয় সংবাদ মাধ্যমে অনৈতিকতাৰ বিৰুদ্ধে তালিবানৰ অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশতে ফাইবাৰ অপটিক সেৱাৰ সম্ভাৱ্য কৰ্তনৰ বাতৰি প্ৰকাশ কৰিছে । ২০২১ চনৰ আগষ্ট মাহত তালিবান ক্ষমতালৈ অহাৰ পিছত আফগানিস্তানত এইটোৱেই প্ৰথম এনে ব্লেক আউট দেখা গৈছে । চলিত মাহৰ আৰম্ভণিতে তালিবানৰ নেতা হিবাতুল্লাহে অনৈতিকতা ৰোধৰ বাবে ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছত কেইবাখনো প্ৰদেশে ফাইবাৰ অপটিক সংযোগ হেৰুৱাইছিল ।

ইণ্টাৰনেট এক্সেছ প্ৰদান কৰা গ্ৰুপ নেটব্লকছে কয়- লাইভ মেট্ৰিকে দেখুৱাইছে যে আফগানিস্তানত সংযোগ স্বাভাৱিক স্তৰৰ ১৪% লৈ “কমি” গৈছে, যাৰ ফলত সমগ্ৰ দেশতে টেলিকমসমূহৰ প্ৰায় সম্পূৰ্ণ বিঘিনি ঘটিছে ।

গোটটোৱে আৰু কয় যে, “এই কাণ্ডই জনসাধাৰণৰ বাহিৰৰ জগতখনৰ সৈতে যোগাযোগ কৰাৰ ক্ষমতাক গুৰুতৰভাৱে সীমিত কৰাৰ সম্ভাৱনা আছে ।”

ইফালে বাহ্যিক আৰু আভ্যন্তৰীণ যোগাযোগৰ বাবে মেছেজিং এপ আৰু ছ’চিয়েল মিডিয়াৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল তালিবান চৰকাৰৰ পৰা ব্লেকআউটৰ কোনো নিশ্চয়তা পোৱা নাই বুলিও এক খবৰ প্ৰকাশ পাইছে ।

লগতে পঢ়ক : ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণ; ৫৯৫খন ড্ৰোন আৰু ৪৮টা মিছাইল নিক্ষেপ