ৰাজনৈতিক সমাৱেশত ভয়ংকৰ ঘটনা; পদপিষ্ট হৈ ৩১ জনৰ মৃত্যু

ৰাজনৈতিক সমাৱেশত ভয়ংকৰ ঘটনা; পদপিষ্ট হৈ ৩১ জনৰ মৃত্যু

ৰাজনৈতিক সমাৱেশত ভয়ংকৰ ঘটনা তামিলনাডুৰ কৰূৰত অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ ৰেলীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । হাজাৰ হাজাৰ লোক সমবেত হোৱা এই সমাৱেশত পদপিষ্ট হৈ শিশুসহ কমেও ৩১জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ ঘটনাত বহু সংখ্যক লোক আহত

ৰাজনৈতিক সমাৱেশত ভয়ংকৰ ঘটনা

তামিলনাডুৰ কৰূৰত অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ ৰেলীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । হাজাৰ হাজাৰ লোক সমবেত হোৱা এই সমাৱেশত পদপিষ্ট হৈ শিশুসহ কমেও ৩১জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ ঘটনাত বহু সংখ্যক লোক আহত হয় । ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে ২৯ জন লোকক মৃত অৱস্থাত অনা হৈছে । টিভিকেৰ মুৰব্বী বিজয়ৰ এই ৰেলীত আহত আৰু মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে । এই ঘটনাৰ পিছতে ৰাজ্যখনৰ কেইবাজনো মন্ত্ৰী, প্ৰশাসনিক আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসক কাৰুৰত উপস্থিত হৈছে ।

ইফালে, কাৰুৰ ভয়ংকৰ ঘটনাৰ পিছতে চিকিৎসক আৰু আৰক্ষীক সহযোগিতা কৰিবলৈ মুখ্যমন্ত্ৰী ষ্টেলিনে জনসাধাৰণক আহ্বান জনাইছে । কাৰুৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈও তেওঁ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিছে । দেওবাৰে মুখ্যমন্ত্ৰী ষ্টেলিনে কাৰুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে়, শনিবাৰে টিভিকেৰ মুৰব্বী তথা অভিনেতা-ৰাজনীতিবিদ বিজয়ৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এই সমাৱেশ । বিজয়ে সমাৱেশত ভাষণ দি থকাৰ সময়তে ভিৰ অনিয়ন্ত্ৰিত হৈ পৰে । ভিৰৰ বাবে কেইবাগৰাকীও দলীয় কৰ্মী আৰু একাংশ শিশুকে ধৰি বহু লোক অচেতন হৈ পৰে । সমাৱেশত হোৱা দৌৰা-দৌৰিৰ বাবে পদপিষ্ট হৈ ৩১ লোকে মৃত্যুক সাৱতি লয় ।

ইফালে ব্যাপক জনসমাগমৰ বাবে এম্বুলেঞ্চ সমূহ ঘটনাস্থলীত উপস্থিত হোৱাত অসুবিধাৰ সৃষ্টি হয় । অচেতন লোকক এম্বুলেন্সেৰে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু একাংশই নিজৰ জীৱন ৰক্ষাৰ বাবে যুঁজি থাকে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা বুলি উপলব্ধি কৰি বিজয়ে নিজৰ ভাষণ চমু কৰে ।

জানিব পৰা মতে, কাৰুৰত বিজয়ৰ এই সমাৱেশত প্ৰথমে ভবাতকৈ বহু বেছি জনসমাগম হয় । প্ৰশাসনে প্ৰায় ৩০ হাজাৰ লোক উপস্থিত থাকিবলৈ অনুমতি দিছিল যদিও স্থানীয় প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰায় ৬০ হাজাৰ লোক এই অনুষ্ঠানস্থলীত উপস্থিত হৈছিল । ইয়াৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় । ইতিমধ্যে এবাৰ স্থান সলনি কৰা হৈছিল । প্ৰথমে চেন্ট্ৰেল কাৰুৰত এই সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আৰক্ষীয়ে জনসমাগম আৰু যান-বাহনৰ বিপদৰ বিষয়ে সকীয়াই দিয়াৰ পিছতে এই সমাৱেশখন স্থানান্তৰিত কৰা হয় ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ উপহাৰ; সমগ্ৰ ভাৰতত আৰম্ভ হ’ল BSNL 4G সেৱা