গুৰুগ্ৰামত ভয়ংকৰ পথ দুৰ্ঘটনা
আজি পুৱা হাৰিয়ানাৰ গুৰুগ্ৰামত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন থাৰ বাহনে ডিভাইডাৰত প্ৰচণ্ড খুন্দা মাৰে। যাৰ বাবে ৫ জন লোকৰ মৃত্যু হৈছে।
থাৰত ৩ গৰাকী ছোৱালী আৰু ৩ জন ল’ৰা আছিল।এই ঘটনা আজি পুৱা ৪:৩০ বজাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
থিতাতে দুজন যুৱকৰ লগতে তিনিগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ বিপৰীতে এজন যুৱকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
তীব্ৰ বেগত অহাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে কোনো কামৰ বাবে উত্তৰ প্ৰদেশৰ পৰা গুৰুগ্ৰামলৈ আহিছিল তেওঁলোক।ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক: মহাকাশতো বিফল হ’ব চীন-পাকিস্তানৰ কৌশল; ISRO এ নিয়োগ কৰিব মহাকাশৰ S400









