সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকত বুৰ গৈছে ৰাজ্যবাসী । ইয়াৰ মাজতে অসমীয়াৰ হিয়াৰ আপোন শিল্পীগৰাকীৰ মৃত্যুক লৈ নানান বিতৰ্ক চলি আছে সামাজিক মাধ্যমত । একাংশই জুবিন গাৰ্গ লৈ অশালীন মন্তব্য কৰিছে । সদ্য প্ৰয়াত শিল্পীগৰাকীৰ পত্নীকো লৈ একাংশই সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে । সেই সকলক উদ্দেশ্যি আজি সংবাদমেল যোগে সকীয়নি প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গক লৈ সামাজিক মাধ্যমত অশালীন মন্তব্য কৰিলেই লোৱা হ’ব কঠোৰ ব্যৱস্থা । প্ৰতিটো সময়ত চৰকাৰে সামাজিক মাধ্যমত নজৰ ৰাখিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
ইফালে জুবিল গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গকো লক্ষ্য কৰি একাংশ অসংবেদশীল লোকে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে । এই কাৰ্যক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গৰ পত্নীক লৈ যি কথা লিখা হৈছে সেয়া সঁচাকৈয়ে অশোভনীয় । জুবিন জীয়াই থকাৰ সময়ত এই কথা দেখা পোৱা হ’লে কষ্ট পালেহেঁতেন । কিন্তু এয়া আমাৰ সংস্কৃতি হ’ব নোৱাৰে । জুবিনক আমি মৰমেৰে, বিনম্ৰতাৰে বিদায় দিব লাগে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ… এজাহাৰত অন্তৰ্ভূক্ত দুটাকৈ নতুন নাম