নেপালৰ হিংসাত্মক পৰিস্থিতিত চিন্তিত প্ৰাজাক্তা কোলী
নেপালত বৰ্তমান উত্তেজনাময় পৰিবেশে বিৰাজ কৰিছে। Gen-Z বিপ্লৱৰ পিছত দেশৰ ৰাজনৈতিক আৰু সামাজিক সংকট গভীৰ হৈ পৰিছে। Gen-Z ৰ প্ৰতিবাদৰ পিছতে পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰী কে পি শৰ্মাই।
নেপালৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইউটিউবাৰ তথা নেপালৰ বোৱাৰী প্ৰাজাক্তা কোলীয়ে নেপাল যাত্ৰা বাতিল কৰিছে।
নেপালৰ বিক্ষিপ্ত পৰিৱেশে অশান্তি দিছে প্ৰাজাক্তাক। প্ৰাজাক্তা কোলীয়ে নেপাল ভ্ৰমণ বাতিল কৰাৰ লগতে হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সমৰ্থন আগবঢ়াইছে।
প্ৰাজাক্তাই ইনষ্টা ষ্ট’ৰীত নেপাল সংকট সন্দৰ্ভত এটা পোষ্ট লিখিছিল। তেওঁ লিখিছিল যে, নেপালত যিবোৰ হৈ আছে, সেইবোৰে মোৰ হৃদয় ভাঙিছে।
এনে পৰিবেশত যিকোনো ধৰণৰ উদযাপন ঠিক যেন নালাগে। যিবোৰ পৰিয়ালে তেওঁলোকৰ আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা।
নেপাললৈ গৈ আপোনালোক সকলোকে লগ কৰিবলৈ মন গৈছিল। কিন্তু ইয়াৰ বাবে এয়া উপযুক্ত সময় নহয়। আশাকৰোঁ সোনকালে আপোনালোকক লগ পাম।
প্ৰাজাক্তাৰ পূৰ্বে মনীষা কইৰালাই নেপালৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰিছিল। তেওঁ সেই দিনটোক ক’লা দিন বুলি সম্বোধন কৰিছিল।
তেওঁ তেজ লাগি থকা এখন ফটো শ্বেয়াৰ কৰি লিখিছিল যে- যেতিয়া জনসাধাৰণৰ কণ্ঠৰ উত্তৰ গুলীৰে দিয়া হয়, দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভ আৰু ন্যায়ৰ দাবী দমন কৰিব লাগে।
লগতে পঢ়ক: কিয় কেৱল শুকুৰবাৰেহে মুক্তি দিয়া হয় চিনেমা… শনিবাৰ আৰু দেওবাৰে কিয় নহয় ?