কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ

কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ… হামাছৰ শীৰ্ষ নেতাক লক্ষ্য

কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ ইজৰাইলে মঙলবাৰে কাটাৰৰ ৰাজধানী ডোহাত হামাছৰ শীৰ্ষ নেতাসকলক লক্ষ্য কৰি বৃহৎ আক্ৰমণ চলাই । ইজৰাইলৰ বিষয়াসকলে এই তথ্য নিশ্চিত কৰিছে । তথ্য অনুসৰি ইজৰাইলৰ নিৰাপত্তা সংস্থা শ্বিন বেটে এই অভিযান চলাইছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি,বৈঠক কৰি থকা নেতাসকলক আমেৰিকাৰ

কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ

ইজৰাইলে মঙলবাৰে কাটাৰৰ ৰাজধানী ডোহাত হামাছৰ শীৰ্ষ নেতাসকলক লক্ষ্য কৰি বৃহৎ আক্ৰমণ চলাই । ইজৰাইলৰ বিষয়াসকলে এই তথ্য নিশ্চিত কৰিছে । তথ্য অনুসৰি ইজৰাইলৰ নিৰাপত্তা সংস্থা শ্বিন বেটে এই অভিযান চলাইছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি,বৈঠক কৰি থকা নেতাসকলক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অনুমোদনৰ পিছতে লক্ষ্য কৰি লোৱা হয়, যিসকলে যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকাৰ শেহতীয়া প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে ।

অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে এই অভিযানক স্বতন্ত্ৰ অভিযান বুলি অভিহিত কৰে । তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “হামাছৰ শীৰ্ষ সন্ত্ৰাসবাদী নেতাসকলৰ বিৰুদ্ধে আজিৰ এই পদক্ষেপটো আছিল সম্পূৰ্ণ স্বতন্ত্ৰ ইজৰাইলী অভিযান । ইজৰাইলে ইয়াক আৰম্ভ কৰিছিল, ইজৰাইলে ইয়াক চলাইছিল আৰু ইজৰাইলে ইয়াৰ সম্পূৰ্ণ দায়িত্ব লৈছে ।”

এই আক্ৰমণৰ পিছতে দোহাৰ আকাশত ক’লা ধোঁৱাৰ ডাৱৰ দেখা যায় । কাটাৰৰ বিষয়াসকলেও এই আক্ৰমণ নিশ্চিত কৰিছে । অৱশ্যে এই আক্ৰমণত কোনো লোক হাত-হত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইয়াৰ পিছতে এতিয়া দোহাৰ ৰাজপথত উত্তেজনা আৰু ভয়ৰ পৰিবেশে বিৰাজ কৰিছে ।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰাৰ পিছত ইয়াক ইহুদী দেশখনে কাটাৰত সংঘটিত কৰা দ্বিতীয়টো বৃহৎ আক্ৰমণ বুলি অভিহিত কৰা হৈছে ।

এই আক্ৰমণৰ সবিশেষ এতিয়াও স্পষ্ট হোৱা নাই যদিও ইজৰাইলী সেনাৰ মুখপাত্ৰই কয় যে ইজৰাইলৰ বায়ুসেনাই এই আক্ৰমণ সংঘটিত কৰিছে । এই সময়ছোৱাত কাটাৰ এয়াৰৱেজৰ বিমান সেৱা স্বাভাৱিকভাৱে দোহাত চলি থকাৰ বিপৰীতে কমেও এখন কাটাৰ বায়ুসেনাৰ বিমানে দেশখনৰ নিৰাপত্তা নিৰীক্ষণ কৰিবলৈ উৰা মাৰিছিল ।

লগতে পঢ়ক : প্ৰতিবাদত উত্তাল নেপালত ভয়াৱহ পৰিস্থিতি… প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

শেহতীয়া প্ৰৱন্ধসমূহ