ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । এই তথ্য ৰাষ্ট্ৰপতি ভৱনে প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি ভৱনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । তেওঁলোকৰ বৈঠকৰ এখন ফটোও শ্বেয়াৰ কৰা হৈছে । উল্লেখ্য যে জাপান আৰু চীন ভ্ৰমণৰ পৰা উভতি অহাৰ কিছুদিন পিছতে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।
এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপান কেৱল দুখন বৃহৎ অৰ্থনীতি নহয় বৰঞ্চ সজীৱ গণতন্ত্ৰও আৰু সেইবাবেই তেওঁলোকৰ অংশীদাৰিত্ব দ্বিপাক্ষিক স্বাৰ্থত সীমাবদ্ধ নহয় বৰঞ্চ বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবেও ই গুৰুত্বপূৰ্ণ । ভাৰতে আগন্তুক দহ বছৰত জাপানৰ পৰা ১০ ট্ৰিলিয়ন য়েন বিনিয়োগ আকৰ্ষণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই পদক্ষেপে দুয়োখন দেশৰ দায়বদ্ধতা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটায় ।
জাপানৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে চীন ভ্ৰমণ কৰে, য’ত তেওঁ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰে । এছ চি অ’ শীৰ্ষ সন্মিলন উপলক্ষে টিয়ানজিনত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ গুৰুত্বৰ ওপৰত দুয়োপক্ষই একমত । এই বৈঠকৰ সৈতে জড়িত ছবিখন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।
লগতে পঢ়ক : ‘স্মাৰ্ট শ্ৰেণীকোঠাতকৈ স্মাৰ্ট শিক্ষকৰ গুৰুত্ব বেছি’; ৰাষ্ট্ৰপতি মুৰ্মুৰ বাৰ্তা…