ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । এই তথ্য ৰাষ্ট্ৰপতি ভৱনে প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি ভৱনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । এই তথ্য ৰাষ্ট্ৰপতি ভৱনে প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি ভৱনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । তেওঁলোকৰ বৈঠকৰ এখন ফটোও শ্বেয়াৰ কৰা হৈছে । উল্লেখ্য যে জাপান আৰু চীন ভ্ৰমণৰ পৰা উভতি অহাৰ কিছুদিন পিছতে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপান কেৱল দুখন বৃহৎ অৰ্থনীতি নহয় বৰঞ্চ সজীৱ গণতন্ত্ৰও আৰু সেইবাবেই তেওঁলোকৰ অংশীদাৰিত্ব দ্বিপাক্ষিক স্বাৰ্থত সীমাবদ্ধ নহয় বৰঞ্চ বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবেও ই গুৰুত্বপূৰ্ণ । ভাৰতে আগন্তুক দহ বছৰত জাপানৰ পৰা ১০ ট্ৰিলিয়ন য়েন বিনিয়োগ আকৰ্ষণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই পদক্ষেপে দুয়োখন দেশৰ দায়বদ্ধতা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটায় ।

জাপানৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে চীন ভ্ৰমণ কৰে, য’ত তেওঁ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰে । এছ চি অ’ শীৰ্ষ সন্মিলন উপলক্ষে টিয়ানজিনত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ গুৰুত্বৰ ওপৰত দুয়োপক্ষই একমত । এই বৈঠকৰ সৈতে জড়িত ছবিখন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক : ‘স্মাৰ্ট শ্ৰেণীকোঠাতকৈ স্মাৰ্ট শিক্ষকৰ গুৰুত্ব বেছি’; ৰাষ্ট্ৰপতি মুৰ্মুৰ বাৰ্তা…

শেহতীয়া প্ৰৱন্ধসমূহ