আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যাই অতিক্ৰম কৰিলে ১৪০০ৰ ঘৰ
পূব আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪০০ অতিক্ৰম কৰিছে । তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে মঙলবাৰে এই তথ্য প্ৰকাশ কৰে । তেওঁ কয় যে এই দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় ৩ হাজাৰ লোক আহত হৈছে আৰু সাহায্য দলসমূহে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই অনাৰ কামত নিয়োজিত হৈ আছে ।
দেওবাৰে গভীৰ নিশা সংঘটিত হোৱা এই ভয়াৱহ ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০ । পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা ভূমিকম্পৰ ফলত কেইবাখনো গাঁৱৰ বাসগৃহ ভাঙি পৰে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকে মৃতদেহকে ধৰি আহতসকল । আফগানিস্তানৰ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ মুখপাত্ৰ ইউছুফ হাম্মাদে জনোৱা মতে উদ্ধাৰৰ কৰাৰ কাম অব্যাহত ৰখা হৈছে, গতিকে এই পৰিসংখ্যা আৰু সলনি হ’ব পাৰে ।
তেওঁ কয় যে কিছুমান অঞ্চলত ভূমিকম্পৰ বাবে ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে পথসমূহ বন্ধ হৈ আছে । কিন্তু এতিয়া বহু পথ খুলি দিয়া হৈছে আৰু বাকী থকা পথসমূহ শীঘ্ৰে মুকলি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, যাতে সেই অঞ্চলসমূহ য’ত এতিয়াও যাবলৈ অসুবিধা হৈ আছে তাত উপনীত হ’ব পৰা যায় ।
আফগানিস্তানত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত নংগাৰহৰ প্ৰদেশৰ সমীপৰ কুনাৰ প্ৰদেশ আৰু চুবুৰীয়া নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ চহৰবোৰত বিস্তৰ ক্ষতিসাধন হয় । ইয়াৰ পিছতো বহু কঁপনিয়ে অঞ্চলটোত আঘাত হানে । ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলত সম্প্ৰচাৰিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে উদ্ধাৰ কৰ্মীয়ে আহত লোকক ষ্ট্ৰেচাৰত কঢ়িয়াই ভাঙি পৰা অট্টালিকাৰ পৰা হেলিকপ্টাৰলৈ লৈ গৈছে, আনহাতে বহু লোকে হাতেৰে ধ্বংসাৱশেষ আঁতৰাবলৈ চেষ্টা কৰিছিল । ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে কুনাৰ প্ৰদেশত ।
লগতে পঢ়ক : চুডানত ভয়ংকৰ ভূমিস্খলন… মাটিৰ তলত সম্পূৰ্ণৰূপে পোত গ’ল এখন গাঁও