যুজবেন্দ্ৰ চাহালৰ প্ৰাক্তন পত্নী ধনশ্ৰী ভাৰ্মাৰ মন্তব্য
ভাৰতীয় দলৰ স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী ভাৰ্মাৰ বিচ্ছেদৰ পিছতো তেওঁলোকৰ বিবাহ বিচ্ছেদক লৈ যথেষ্ট চৰ্চা চলিছে।এতিয়া ধনশ্ৰীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এই ভিডিঅ’টোত ধনশ্ৰীয়ে খেলৰ চেনেলবোৰ বন্ধ কৰি দিছে বুলি কৈছে। আচলতে ‘ৰাইজ এণ্ড ফ’ল’ নামৰ এটা শ্ব’ অতি সোনকালে আৰম্ভ হ’ব ৷
য’ত ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ প্ৰাক্তন পত্নী তথা নৃত্য পৰিচালক ধনশ্ৰীকো দেখা যাব।এই শ্ব’টোৰ ট্ৰেইলাৰত তেওঁক বিশ্বাসঘাতকতা আৰু ভগ্ন বিশ্বাসৰ কথা কোৱা দেখা গৈছিল।
ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ প্ৰাক্তন পত্নী ধনশ্ৰী ভাৰ্মাই খেলৰ চেনেলৰ বিষয়ে যি ক’লে তাৰ বাবে তেওঁ এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে।
তেওঁ কয় যে ৰাণী কেতিয়াও তাৰকা হোৱাৰ প্ৰয়োজন নাই আৰু এনেও সাক্ষাৎকাৰ ল’বলৈ মানুহ শাৰী পাতি আছে। আৰু যিয়েই নহওক, পেণ্টহাউচৰ সকলো স্প’ৰ্টছ চেনেল বন্ধ কৰি দিছো।
তেওঁৰ এই বক্তব্যক চাহালৰ সৈতে সম্পৰ্ক কৰিছে। কাৰণ চাহাল এজন ক্ৰিকেটাৰ। আনহাতে সামাজিক মাধ্যমত এতিয়া এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।
লগতে পঢ়ক: ‘পবিত্ৰ ৰিষ্টা’ খ্যাতি অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ দেহাৱসান; এবছৰ ধৰি আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত