আফগানিস্তান

নিশা ২টাকৈ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান; ৫০০ জনৰ মৃত্যু

নিশা ২টাকৈ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান দেওবাৰে নিশা ২টাকৈ ভূমিকম্পই জোকাৰি যায় পাকিস্তান সীমান্তৰ সমীপৱৰ্তী পূব আফগানিস্তান।ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত আফগানিস্তানত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০। ভূমিকম্পৰ প্ৰাবল্য ইমানেই প্ৰবল আছিল যে ভাৰতৰো বহু ঠাইত ইয়াৰ কম্পন অনুভৱ কৰা হৈছিল।

নিশা ২টাকৈ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান

দেওবাৰে নিশা ২টাকৈ ভূমিকম্পই জোকাৰি যায় পাকিস্তান সীমান্তৰ সমীপৱৰ্তী পূব আফগানিস্তান।ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত আফগানিস্তানত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০।

ভূমিকম্পৰ প্ৰাবল্য ইমানেই প্ৰবল আছিল যে ভাৰতৰো বহু ঠাইত ইয়াৰ কম্পন অনুভৱ কৰা হৈছিল। এই ভূমিকম্পৰ ফলত ৫০০লোক নিহত হোৱাৰ লগতে ১০০০ জনতকৈ অধিক লোক আহত হৈছে। আহতসকলক উদ্ধাৰকাৰীদলে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ভূমিকম্পৰ পিছত এতিয়া আতংকিত হৈ পৰিছে আফগানিস্তানবাসী।দেওবাৰে নিশা ১২.৪৭ বজাত প্ৰথমে ৬.০ প্ৰাবল্য আৰু তাৰ পিছত ৬.৩ প্ৰাবল্যৰ দুটাকৈ ভূমিকম্পৰ কম্পন অনুভূত হয়।ভূমিকম্পৰ ফলত বহু ঘৰ ধ্বংসস্তুপ্তত পৰিণত হয়।

লগতে পঢ়ক: ধাৰাবাহিকভাৱে হোৱা মুষলধাৰ বৰষুণত উত্তৰাখণ্ডত প্ৰভাৱিত স্বাভাৱিক জীৱন… তেহৰী-ৰুদ্ৰপ্ৰয়াগত প্ৰচণ্ড ক্ষতি

শেহতীয়া প্ৰৱন্ধসমূহ